মানসিক ৰোগাক্ৰান্ত পিতৃৰ দুভৰি শিকলিৰে বান্ধিলে পুত্ৰই - Dhemaji Old Man Tied with Iron Chain
এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোক ৷ ধেমাজিৰ ৰাজপথত স্থানীয় ৰাইজ আৰু সাংবাদিকে প্ৰত্যক্ষ কৰে লোকজনক ৷ দুভৰি শিকলিৰে বন্ধা লোকজন থানেশ্বৰ দিহিঙীয়া বুলি চিনাক্ত ৷ মানসিকভাৱে ৰোগাক্ৰান্ত লোকজনক শান্ত কৰি ৰাখিবলৈ পুত্ৰই নিজে বাচি ল'লে এই সিদ্ধান্ত ৷ চাওঁক আমাৰ এই প্ৰতিবেদন ৷
মানসিক ৰোগাক্ৰান্ত পিতৃৰ দুভৰি শিকলিৰে বান্ধিলে পুত্ৰই
ধেমাজি, 26 আগষ্টঃ ধেমাজিৰ ৰাজপথত দুভৰি শিকলিৰে বন্ধা অৱস্থাত পৰিলক্ষিত হয় এজন বৃদ্ধ ৷ লোকজনক ধেমাজি তিনিআলিৰ পৰা স্থানীয় ৰাইজ আৰু সাংবাদিকৰ দলে উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘিলাগুৰি গাঁৱৰ বাসিন্দা এইগৰাকী থানেশ্বৰ দিহিঙীয়া বিগত 18 বছৰে মানসিকভাৱে বিকাৰগ্ৰস্ত ৷ পিতৃৰ উন্মাদ আচৰণৰ পৰা বাচিবলৈ এইদৰে নিজ পুত্ৰই দুভৰি শিকলিৰে বান্ধি থৈ দিয়াৰ কথা স্বীকাৰ কৰে ৷ অৱশেষত আৰক্ষীৰ সহযোগত লোকজনক উদ্ধাৰ কৰা হয় ৷