ধেমাজি, 10 ডিচেম্বৰ : নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ ইচ্ছু হৈ থকা বান, গৰাখহনীয়া সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিছে ধেমাজিবাসীক ৷ বিশেষকৈ জীয়াঢল, ৰাই নদীৰ সমান্তৰালকৈ জোনাই বিধান সভাৰ সমষ্টিত চিমেন, ডিমৌ, ব্ৰহ্মপুত্ৰৰ চেঙাজান সূঁতিয়ে বিস্তৰ ক্ষতিসাধন কৰি আহিছে নদীপৰীয়া জনবসতি অঞ্চলসমূহ ৷
ভুক্তভোগী ৰাইজে সদৰি কৰা অনুসৰি বাৰিষাৰ পলংকাৰী বানত প্ৰতিবছৰে জাহ গৈছে খতি পথাৰ লগতে শ শ লোকৰ ঘৰ বাৰী ৷ চলিত বছৰৰ বাৰিষাত জীয়াঢল নদীৰ সমান্তৰালকৈ কালৰূপ ধাৰণ কৰি চেঙাজানৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে ব্ৰহ্মপুত্ৰৰ চেঙাজান সূঁতিয়ে ৷
প্ৰাপ্ত তথ্য অনুসৰি প্ৰৱল গৰাখহনীয়া আৰু বানৰ কৱলত জাহ যায় চেঙাজান অঞ্চলটোৰ ১ নং চেঙাজান, ২ নং বৰগাঁও, মিছিং গাঁও, বড়ো গাঁও আদিকে ধৰি ৭ খন গাঁৱৰ ৰাইজৰ ঘৰ-বাৰী ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে চেঙাজানৰ কিছু নদীপৰীয়া অঞ্চলত এতিয়াও অব্যাহত আছে গৰাখহনীয়া ৷