অসম

assam

স্বাধীনতা দিৱস বুলিলে কঁপি উঠে ধেমাজিবাসীৰ বুকু

By

Published : Aug 14, 2019, 10:55 PM IST

স্বাধীনতা দিৱস বুলি ক'লেই যেন বুকু কঁপি উঠে ধেমাজিবাসীৰ ৷ 2004 চনৰ 15 আগষ্টত নিষিদ্ধ ঘোষিত সংগঠন আলফাই সংঘটিত কৰা বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল দহটি কণ কণ শিশু আৰু তিনিগৰাকী মহিলাই ৷

স্বাধীনতা দিৱস বুলিলে কঁপি উঠে ধেমাজিবাসীৰ বুকু

ধেমাজি, 14 আগষ্ট: কালিলৈ দেশৰ 73 তম্ স্বাধীনতা দিৱস ৷ সমগ্ৰ দেশতে উলহ-মালহেৰে পালন কৰা হ'ব স্বাধীনতা দিৱস ৷ কিন্তু এই বিশেষ দিনটো এটা অভিশপ্ত ক'লা দিৱসলৈ পৰিণত হৈছিল ধেমাজিৰ একাংশ লোকৰ বাবে ৷ স্বাধীনতা দিৱস বুলি ক'লেই যেন বুকু কঁপি উঠে ধেমাজিবাসীৰ ৷ 2004 চনৰ 15 আগষ্টত নিষিদ্ধ ঘোষিত সংগঠন আলফাই সংঘটিত কৰা বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল দহটি কণ কণ শিশু আৰু তিনিগৰাকী মহিলাই ৷ তেতিয়াৰে পৰা স্বাধীনতা দিৱস আহিলেই বেদনাৰে ভাৰাক্ৰান্ত হৈ পৰে ধেমাজিবাসীৰ মন ৷

স্বাধীনতা দিৱস বুলিলে কঁপি উঠে ধেমাজিবাসীৰ বুকু

পৰৱৰ্তী সময়ত ধেমাজি মহাবিদ্যালয়ৰ চৌহদত পৃথকে পৃথকে দুটা নিহতসকলৰ স্মৃতিত দুটা শৌধ নিৰ্মাণ কৰা হয় ৷ কিন্তু পৰিতাপৰ বিষয় যে বছৰটোত মাত্ৰ এটা দিনতহে চাকি-বন্তি জ্বলাই সোঁৱৰণ কৰা হয় নিহতসকলক ৷ স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণতহে কেৱল পৰিষ্কাৰ কৰি চূণ-তেল লগাই দায়িত্ব সামৰিছে দল-সংগঠনে ৷ আনফালে, ধেমাজি মহাবিদ্যালয়ৰ চৌহদতে আছুৰ দ্বাৰা নিৰ্মিত বিশাল স্মৃতি স্তম্ভতো চাৰিওফালে এতিয়া কেৱল হাবি-জংঘলেৰে আৱৰি ধৰিছে ৷ সঘনাই পৰিষ্কাৰ নকৰাৰ ফলত বৰ্তমান চিনিব নোৱাৰা হৈছে শ্বহীদৰ স্মৃতিস্তম্ভবোৰ ৷ ধেমাজিবাসীক অভিশপ্তৰ দিনটোৰ কথা সোঁৱৰাই দিয়া স্মৃতিস্তম্ভবোৰ নিয়মীয়াকৈ পৰিস্কাৰ কৰিবলৈ চৰকাৰ তথা ধেমাজি জিলা প্ৰশাসন আৰু দল - সংগঠনক আহ্বান জনালে ধেমাজিৰ সচেতন মহলে ৷

ধেমাজিত স্বাধীনতা দিৱস শান্তিৰে উদযাপন কৰাৰ উদ্দেশ্যে শান্তি সমদল

আনহাতে, 73 সংখ্যক স্বাধীনতা দিৱস শান্তিৰে উদযাপন কৰাৰ উদ্দেশ্য বুধবাৰে সন্ধিয়া ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু পৌৰ সভাৰ সহযোগত বাহিৰ কৰা হয় শান্তি সমদল ৷ ধেমাজি পৌৰসভাৰ সভানেত্ৰী হেমা দলৈ বৰগোহাঁইৰ নেতৃত্বত বাহিৰ কৰা শান্তি সমদল প্ৰথমে জিলা পৰিষদৰ কাৰ্য্যালয়ত মম জ্বলাই কাৰ্য্যসূচী আৰম্ভ কৰে ধেমাজি জিলা উপাযুক্ত মানবেন্দ্ৰ প্ৰতাপ সি্ঙে ৷ ইয়াৰ পিছতেই অৰ্ধ শতাধিক পুৰুষ - মহিলাই হাতে হাতে মমবাতিলৈ নগৰৰ মাজেৰে শান্তি সমদল বাহিৰ কৰি সামৰণি পেলাই ধেমাজি কাছাৰী মৈদানৰ সমীপৰ মহাত্মা গান্ধীৰ প্ৰতিমুতি উদ্যানত ৷

ABOUT THE AUTHOR

...view details