অসম

assam

ETV Bharat / state

জোনাইত অপৰিৱৰ্তিত চিয়াং নদীৰ বান পৰিস্থিতি - FLOOD ASSAM JONAI LATEST UPDATE

চিয়াঙ লালীৰ বানত নিজা ঘৰবাৰী এৰি মথাউৰি ওপৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজৰ প্ৰশাসন ওপৰত ক্ষোভ ৷ ভোকে পিয়াহে মথাউৰিৰ ওপৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজক মহকুমা প্ৰশাসনে কিয় পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ যোগান দিব পৰা নাই ! প্ৰশ্ন বানপীড়িত ৰাইজৰ ৷ চিয়াঙৰ বলিয়া বানত জাহ গ’ল জাহবেৰা চাপৰি অঞ্চলৰ 50 খনতকৈ অধিক বাসগৃহ ৷

জোনাইত অপৰিৱৰ্তিত চিয়াং নদীৰ বান পৰিস্থিতি
জোনাইত অপৰিৱৰ্তিত চিয়াং নদীৰ বান পৰিস্থিতি

By

Published : Jul 13, 2020, 6:50 PM IST

জোনাই, 13 জুলাই: ধেমাজি জিলা জোনাই মহকুমাত চিয়াং-লালী আৰু ব্ৰহ্মপুত্ৰৰ নৈ উপনৈৰ পানী যোৱা কেইটামান দিনত অধিক বৃদ্ধি পোৱাত মহকুমাটোত বান পৰিস্থিতিয়ে ধাৰণ কৰিছে জটিল ৰূপ ৷ বিগত এমাহ ধৰি দুৰ্ভোগ ভুগি আহিছে প্ৰায় লক্ষাধিক লোকে ৷ চিয়াং লালী আৰু ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলস্তৰে বুৰাই পেলাইছে জোনাইৰ মহকুমাৰ শ শ গাঁও ৷

জোনাইত অপৰিৱৰ্তিত চিয়াং নদীৰ বান পৰিস্থিতি

পূৰ্বতে কাহানিও এনে বান পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল বুলি জানিবলৈ দিয়ে বানাক্ৰান্ত ৰাইজে ৷ এই বান পৰিস্থিতিৰ মূল কাৰণ হৈছে বেৰা চাপৰি অঞ্চলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰা 50 লাখটকীয়া মথাউৰি ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ বালিৰে নিৰ্মিত অৰ্ধসমাপ্ত মথাউৰিটো চিয়াঙ নদীৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱাত চিয়াঙ আৰু লালী নদী দুখনে সুঁতি সলনি কৰি বেৰা চাপৰিৰ গাঁৱখনৰ মাজেদি সোমাই যোৱাত সোমবাৰে অঞ্চলটোত ভয়াৱহ বান পৰিস্থিতি উদ্ভৱ হয় ৷

চিয়াঙ লালী নদীৰ বাঢ়নী পানীয়ে বেৰা চাপৰি অঞ্চলৰ ঘৰৰ মুধচলৈ বুৰাই পেলোৱাৰ লগতে বাট পথ সকলো বুৰাই পেলোৱাত জলবন্ধী ৰাইজক এচডিআৰএফ আৰু এনডিআৰএফৰ বাহিনীয়ে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ চিয়াঙৰ বলিয়া বানত বেৰা চাপৰি অঞ্চলৰ 50 খনতকৈ অধিক ঘৰ উঠুৱাই নিয়াৰ লগতে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ও সম্পূৰ্ণ বাবে খহাই নিছে ৷

জোনাই মহকুমা প্ৰশাসনে চৰকাৰী ভাৱে স্থাপন কৰা আশ্ৰয় শিবিৰ মুৰ্কংচেলেক বালিকা বিদ্যালয়,জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়,জোনাই প্ৰানন্সিলিয়াল হাইস্কুল আৰু চমকং হাইস্কুল আৰু এচবিবড়ো হাইস্কুল এই 5 টা শিবিৰত প্ৰায় পাচঁ শতাধিক লোক আশ্ৰয় লৈ আছে ৷ ইয়াৰ উপৰিও বানাক্ৰান্ত লোকসকল থাকিবলৈ গাঁৱসমূহৰ ওখ ভেটিত তিৰপাল যোগান ধৰি গালিঘাটত 4 টা, মেচাকিত 4 টা মুঠতে প্ৰায় 10 টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে, বন্যাৰ্তৰ অভিযোগ বিগত এমাহ ধৰি চিয়াঙ লালীৰ বানত ৰাইজে নিজা ঘৰ বাৰি এৰি মথাউৰি ওপৰত আশ্ৰয় লৈছে যদিও আজি পৰ্যন্ত প্ৰশাসনৰ তৰপৰ পৰা মাত্ৰ দুবাৰ বান সাহাৰ্য দিয়াত ক্ষোভিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ ৷ ভোকে পিয়াহে মথাউৰিৰ ওপৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজক মহকুমা প্ৰশাসনে কিয় পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ যোগান দিব পৰা নাই বুলি প্ৰশ্ন কৰিছে বানপীড়িত ৰাইজে ৷ জোনাই মহকুমা প্ৰশাসনৰ চূড়ান্ত হেমাহিৰ বাবে বান সাহাৰ্য বিতৰণত ব্যাপক দুৰ্নীতি হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে ৷

লগতে চাওক-গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বৈদ্যুতিক শ্মশান

ABOUT THE AUTHOR

...view details