অসম

assam

By

Published : Mar 15, 2023, 9:52 PM IST

ETV Bharat / state

Land encroachment: শ্মশানৰ ভূমিক ব্যক্তিগতকৰণক লৈ উত্তেজনা

জোনাইত অঘটন ৷ ৰাজহুৱা শ্মশানৰ ভূমি ব্যক্তিগতকৰণক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Tension over privatization of cremation ground) ৷ শীঘ্ৰেই ৰাজহুৱা শ্মশানৰ ভূমিখিনি বেদখলমুক্ত কৰিবলৈ দাবী স্থানীয় ৰাইজৰ ৷

Tension over privatization of cremation ground at Jonai
শ্মশানৰ ভূমিক ব্যক্তিগতকৰণক লৈ উত্তেজনা

শ্মশানৰ ভূমিক ব্যক্তিগতকৰণক লৈ উত্তেজনা

জোনাই, ১৫ মাৰ্চ:অসম-অৰুণাচল সীমান্তৰ লিকাবালি মিলনপুৰত এখন ৰাজহুৱা শ্মশানৰ মাটি বেদখল কৰাক লৈ ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি হয় (Land encroachment at Jonai)। ৰাইজৰ অভিযোগ অনুসৰি ১৯৯২ চনতেই মিলনপুৰ গাঁৱৰ পিচফালে গাইনদীলৈকে মুঠ ১১ বিঘা ১ কঠা ৫ লেচা মাটি ৰাইজে ৰাজহুৱা গাইনদী মিলনপুৰ ঘাট শ্মশানৰ বাবে সংৰক্ষিত কৰি ৰাখিছিল (Tension over privatization of cremation ground) ৷

কিন্তু ২০০৬ চনত জোনাইৰ প্ৰাক্তন বিধায়ক তথা লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই (MP Pradan Baruah) তেলেমৰ ছয়টা বান ভগনীয়া পৰিয়ালক উক্ত ভূমিখিনিত সংস্থাপন দিয়ে । তৎস্বত্বেও স্থানীয় ৰাইজে কোনো আপত্তি কৰা নাছিল ৷ কিন্তু শেহতীয়াকৈ উক্ত পৰিয়ালকেইটাৰ মাজৰ খগেন শইকীয়া, বকুলি ৰয়, লিতুমনি শইকীয়া আৰু ধন শইকীয়াৰ পৰিয়ালে সমগ্ৰ শ্মশানখনৰ মাটিখিনি বেৰ দি লৈ তাত গৃহ নিৰ্মাণ কৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে স্থানীয় ৰাইজ ।

এনেদৰে মাটিখিনি বেদখল কৰাৰ পিচত সেই সন্দৰ্ভত চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়াক ৰাইজে আপত্তি দৰ্শোৱাৰ পিচত চৰকাৰীভাৱে সেইখিনি মাটি বিবদমান বুলি ঘোষণা কৰা হৈছিল ৷ চৰকাৰৰ পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত সেই মাটিখিনি ব্যৱহাৰ নকৰিবলৈ স্থানীয় লোকক নিৰ্দেশ দিছিল । কিন্তু চৰকাৰী নিৰ্দেশনাক আওকাণ কৰি সেই ভূমিতে এতিয়া গৃহ নিৰ্মাণ কৰিছে বেদখলকাৰী পৰিয়ালকেইটাই ।

এই ঘটনা দেখি পুনৰ খঙত অগ্নিশৰ্মা হৈ পৰে স্থানীয় লোকসকল ৷ তাৰ পিচতে মিলনপুৰবাসী ৰাইজে একত্ৰিত হৈ ভূমি বেদখল কৰাৰ সন্দৰ্ভত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ ইফালে চিচিবৰগাওঁ ৰাজহ চক্ৰ কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডলৰ নেতৃত্বততেই ৰাজহুৱা ভূমিখিনি ভগনীয়া পৰিয়ালৰ লোকসকলে ব্যক্তিগতভাৱে নামজাৰি কৰিব পাৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । শীঘ্ৰেই ৰাজহুৱা শ্মশানৰ ভূমিখিনি বেদখলমুক্ত কৰিবলৈ স্থানীয় ৰাইজে হুংকাৰ প্ৰদান কৰে ৷ ইয়াৰোপৰি স্থানীয় ৰাইজে সংবাদমাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক এই সন্দৰ্ভত হস্তক্ষেপ কৰি সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক :Accident in Kaliabor: বুঢ়াপাহাৰত পথ দুৰ্ঘটনা, বস্তা ভৰাই বহুতে কঢ়িয়ালে আলু

ABOUT THE AUTHOR

...view details