জোনাই/ধেমাজি, 3 ছেপ্টেম্বৰ:অসম অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ কেঁচাকাঠনি নামৰ অঞ্চলত শনিবাৰে দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়(Assam-Arunachal border) ৷ সীমান্তৱতী অঞ্চলৰ চিলনীত আজি এখন সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla baruah) ৷ মন্ত্ৰীগৰাকীয়ে অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা ৰাইজৰ মতামত লৈ থকা সময়তে চেঁপা উত্তেজনাই বিৰাজ কৰিছিল উক্ত স্থানত ৷
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰৱল বৰষুণৰ মাজত অৰুণাচল দুই বিধায়ক আৰু সীমান্তৱৰ্তী জিলাৰ প্ৰশাসনক লগত লৈ ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী চিলনী, তৰাজান, গেৰমেৰ আদি অঞ্চল পৰিদৰ্শন কৰে ৷ চিলনীত ৰাইজৰ মতামত লৈ মন্ত্ৰীগৰাকী তৰাজানলৈ যোৱাৰ পিছতে অৰুণাচলৰ একাংশ লোকৰ সৈতে অসমৰ সীমান্তৱৰ্তী একাংশ লোকৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷