জোনাই ২৯ নৱেম্বৰ:জোনাইৰ অসম-অৰুণাচল সীমান্তৰ অৰুণাচল প্ৰদেশৰ ৰুকচিন অসামৰিক চিকিৎসালয়ৰ সমীপৰ এখন ফাৰ্মাচীত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ফাৰ্মাচীত ভুল চিকিৎসাৰ বলি হৈ এটি দেৱশিশুৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয় । ধেমাজি জিলাৰ জোনাইৰ দঙাইগাঁৱৰ বিপুল বসুমতাৰী আৰু ডিমু বসুমতাৰীৰ এটি দুমহীয়া শিশুৰ মৃত্য়ু হোৱাক লৈ পৰিয়ালৰ লোকে এনে পৰিস্থিতিৰ সৃষ্টি কৰে ।
ভুক্তভোগী বিপুল বসুমতাৰী আৰু ডিমু বসুমতাৰীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে সামান্য চৰ্দি কাহ হোৱাৰ বাবে বুধবাৰে অৰুণাচলৰ ৰুকচিন অসামৰিক চিকিৎসালয়লৈ শিশুটিক লৈ যায় । অৰুণাচলৰ ৰুকচিন অসামৰিক চিকিৎসালয়ৰ শিশুৰোগ চিকিৎসক ডাঃ নিনি কাডুৱে চিকিৎসা কৰি শিশুটোক এখন ফাৰ্মাচীত এটা বেজী দিবলৈ কয় । অৰুণাচলৰ ৰুকচিন অসামৰিক চিকিৎসালয়ৰ শিশুৰোগ চিকিৎসকগৰাকীৰ কথা মতে শিশুটিক এখন ফাৰ্মাচীলৈ নিয়ে । এই ফাৰ্মাচীখনত বেজী দিয়াৰ লগে লগে শিশুটিৰ মৃত্যু হয় ।