অসম

assam

ETV Bharat / state

ইকৰা আৰু টিনৰ বেৰৰ কোঠাত এজাক শিক্ষাৰ্থীৰ মানৱ সম্পদ হোৱাৰ কচৰৎ - 4 নং টেকজুৰি বিষ্ণুপুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়

ধেমাজিত শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ ৷ ইকৰা আৰু টিনৰ বেৰৰ কোঠাত মানৱ সম্পদ গঢ়া কচৰৎ এজাক শিক্ষাৰ্থীৰ ৷ শূণ্য আন্তঃগাঁঠনি, প্ৰসাৱগাৰ-শৌচালয়ৰ লগতে নাই খোৱা পানীৰ সুব্যৱস্থা নথকা এক প্ৰকাৰ জৰাজীৰ্ণ বাঁহৰ বেৰ আৰু টিনৰ বেৰৰ জলঙাইদি পোহৰ পৰে শ্ৰেণীকোঠাত ৷ তাৰ পাচতো 4 নং টেকজুৰি বিষ্ণুপুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়খনৰ প্ৰতি কোনো গুৰুত্ব নাই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ৷

ইকৰা বেৰ আৰু টিনৰ বেৰৰ কোঠাত মানৱ সম্পদ হোৱাৰ কচৰৎ এজাক শিক্ষাৰ্থীৰ
ইকৰা বেৰ আৰু টিনৰ বেৰৰ কোঠাত মানৱ সম্পদ হোৱাৰ কচৰৎ এজাক শিক্ষাৰ্থীৰ

By

Published : Feb 10, 2021, 10:40 AM IST

ধেমাজি,10 ফেব্ৰুৱাৰী: যিসময়ত ৰাজ্য চৰকাৰে বৃহৎ সংখ্যক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰে এক প্ৰকাৰ চমক সৃষ্টি কৰিছে তেনে সময়তে ইকৰা আৰু টিনৰ বেৰেৰে আৱৰা জৰাজীৰ্ণ গৃহতে জীৱনৰ আদি পাঠ গ্ৰহন কৰিছে এজাক শিক্ষাৰ্থীয়ে ৷ শূণ্য আন্তঃগাঁঠনি, নাই আচবাব, নাই পৰ্যাপ্ত ডেক্স বেঞ্চ, নাই দৰ্জা খিৰিকী ৷ এক প্ৰকাৰ জৰাজীৰ্ণ বাঁহৰ বেৰ আৰু টিনৰ বেৰৰ জলঙাইদি পোহৰ পৰে শ্ৰেণীকোঠাত ৷ একেদৰে প্ৰসাৱগাৰ-শৌচালয়ৰ লগতে বিদ্যালয়খনত নাই খোৱা পানীৰ সুব্যৱস্থা ৷ তেনেকৈয়ে চলিছে ধেমাজি শিক্ষা খণ্ডৰ অধীনৰ 4 নং টেকজুৰি বিষ্ণুপুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়খনৰ শিক্ষাদান প্ৰক্ৰিয়া ৷

ইকৰা বেৰ আৰু টিনৰ বেৰৰ কোঠাত মানৱ সম্পদ হোৱাৰ কচৰৎ এজাক শিক্ষাৰ্থীৰ

2013 চনতে প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খনত প্ৰধান শিক্ষক দিলীপ সজাতিসহ আন দুগৰাকী সহকাৰী শিক্ষক থকাৰ পাচত নতুনকৈ আৰু এগৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছে ৷ তিনিটা শ্ৰেণী কোঠাত 45 গৰাকী ছাত্ৰ-ছাত্ৰী থকাৰ পাচতো শৈক্ষিক পৰিৱেশটো উন্নত কৰাত কোনো গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে ৷ চৰকাৰৰ বিভিন্ন আঁচনিৰ যোগেদি বিদ্যালয়খনৰ আন্তঃগাঁঠনি উন্নত কৰিবলৈ আহ্বান জনাই আহিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় লোকে ৷

ইকৰা বেৰ আৰু টিনৰ বেৰৰ কোঠাত মানৱ সম্পদ হোৱাৰ কচৰৎ এজাক শিক্ষাৰ্থীৰ

প্ৰতিবছৰে ধুমুহাত তচনচ হোৱা বিদ্যালয়খনত বাৰিষা আহিলেই পানীৰে উপচি পৰে ৷ যাৰ ফলত পাঠদান কৰিব নোৱাৰা হয় ৷ স্থানীয় লোকৰ অভিযোগ, ৰাজ্য চৰকাৰে বৃহৎ সংখ্যক শিক্ষক নিযুক্তি দি এক নজিৰ সৃষ্টি কৰিলে নহ'ব, পিছ পৰা অঞ্চলৰ বিদ্যালয় সমূহৰ আন্তঃগাঁঠনিও উন্নত কৰিব লাগিব ৷

লগতে পঢ়ক:বিদ্যালয় প্ৰাদেশীকৰণত ভেঁকো-ভাওনাৰ অভিযোগ প্ৰাথমিক শিক্ষক সন্থাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details