অসম

assam

ETV Bharat / state

পবাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ - জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

পবাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে জোনাইৰ স্থানীয় যুৱকে ৷

পবা সংৰক্ষিত বনাঞ্চল
জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Dec 2, 2020, 11:57 AM IST

জোনাই, 1 ডিচেম্বৰ : ধেমাজি জিলাৰ একমাত্ৰ জীৱিত অৱস্থাত বৰ্তি থকা পবা সংৰক্ষিত বনাঞ্চলক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ইয়াৰ সৌন্দৰ্য্য বৰ্তাই ৰখাৰ প্ৰচেষ্টা হাতত লৈছে জোনাইৰ কেইগৰাকীমান স্থানীয় যুৱকে ৷ 1924 চনতে বৃটিছ চৰকাৰে 10,221 হেক্টৰ ভূমিক সামৰি ঘোষণা কৰা পবা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত তিনি মাইল ঘাটৰ গছ-গছনিত চূণ সানি সৌন্দৰ্য বৰ্ধনৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে প্ৰকৃতিপ্ৰমী যুৱকৰ দলটোয়ে ৷

জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

উল্লেখ্য যে, জোনাইৰ পবা বনাঞ্চলৰ পৰ্যটনৰ আৰ্কষণৰ অন্যতম কেন্দ্ৰস্থল হৈছে তিলিমাইল ঘাট৷ চিয়াং নদীৰ দাঁতিকাষৰীয়া এই তিনি মাইল ঘাট অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰ অধ্যয়নৰ পছন্দৰ ঠাই হিচাপে পূৰ্বৰে পৰাই পৰিগণিত হৈ আহিছে ৷ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰ অধ্যয়নস্থলী হোৱাৰ উপৰি শ শ লোকৰ বাবেও ই এক উপযুক্ত বনভোজস্থলী হিচাপে গঢ় লৈ উঠিছে ৷ বছৰৰ প্ৰতিটো সময়তে এই তিনিমাইল ঘাটলৈ আগমন ঘটে বহু পৰ্যটকৰ ৷

জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

চিৰ সেউজীয়া বনাঞ্চলৰ কাষতে থকা চিয়াংৰ নৈসৰ্গিক সৌন্দৰ্য আৰু পৰিভ্ৰমী পক্ষী পৰিদৰ্শন কৰিবলৈ শ শ পৰ্যটকে ভিৰ কৰেহি তিনি মাইল ঘাটত৷ এই স্থানতে পৰ্যটনস্থলী হিচাপে আৰ্কষণ বৃদ্ধি কৰিবলৈ চিয়াং নদীৰ দাঁতিকাষৰীয়া গছসমূহত হাতে হাতে ব্ৰাছ লৈ ৰং সানে জোনাইৰ প্ৰকৃতিপ্ৰমী যুৱক কেইজনে৷ যুৱক কেইজনে গছসমূহত ৰং ঘঁহি সৌন্দৰ্য কৰাৰ লগতে পবা নামৰ এখন ফলক তৈয়াৰ কৰি তিনি মাইল ঘাটত স্থাপন কৰে ৷

পবা সংৰক্ষিত বনাঞ্চল

সংবাদকৰ্মী গৌতম পেগু, প্ৰাণজিত দলে, ধেমাজি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, উদীয়মান যুৱক লিম' কয়ু, অচ্যুত দলেক লৈ গঠিত যুৱকৰ দলটোয়ে সকলোকে একত্ৰিত হৈ পবাৰ সৌন্দৰ্য বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক :ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

ABOUT THE AUTHOR

...view details