জোনাই, 22 নৱেম্বৰ : পবা বৰ্ষাৰণ্য(Poba Rainforest)ৰ সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে স্বেচ্ছাসেৱী সংগঠন ‘টীম জোনাই(Team Jonai)য়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ সংস্থাটোৱে মুকলি কৰিছে ‘আই লভ পবা’(I LOVE POBA) নামৰ এখন আকৰ্ষণীয় ফলক ৷
ধেমাজি জিলাৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল পবাত পৰ্যটকক দৃষ্টিগোচৰ কৰিবলৈ পবাৰ তিনিমাইল বিটৰ সমীপত স্থাপন কৰা I LOVE POBAৰ ফলকখন মুকলি কৰে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত(ৰাজহ) তথা জোনাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেই ৷
এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং আৰু জোনাই মহকুমা বনাঞ্চলিক বিষয়া মুকুট ৰাভাই ৷ ফলকখন মুকলি কৰাৰ পাচতে অৰ্কিড ৰোপন কৰে জোনাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেই ৷ উল্লেখ্য যে, জোনাইৰ পবা বনাঞ্চলৰ পৰ্যটনৰ আৰ্কষণৰ অন্যতম স্থান হ’ল তিলিমাইল বিটৰ নিচেই কাষৰ চিয়াং নৈৰ পাৰ ৷