ধেমাজি, 22 ছেপ্তেম্বৰ : ধেমাজিত মঙলবাৰে মুকলি কৰা হয় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(State Rural Livelihood Campaign)ৰ অধীনত ‘সৃষ্টি’(Sristi) নামৰ এটি প্ৰশিক্ষণ কেন্দ্ৰ ৷ এই সামুদায়িক প্ৰশিক্ষণ কেন্দ্ৰটি হৈছে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ধেমাজি খণ্ডৰ অধীনৰ সৃষ্টি মণ্ডল পৰ্যায়ৰ সংগঠনৰ দ্বাৰা পৰিচালিত এটি কেন্দ্ৰ ৷ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে প্ৰশিক্ষণ কেন্দ্ৰটি মুকলি কৰে ৰাজ্যিক জীৱন জীৱিকাৰ মিছন ডাইৰেক্টৰ কৃষ্ণা বৰুৱাই ৷ ইয়াৰ লগত সংগতি ৰাখি এখন গুৰুত্বপূৰ্ণ সভাও অনুষ্ঠিত হয় ৷
‘সৃষ্টি’ৰ ধেমাজিৰ সম্পাদিকা সংগীতা পাত্ৰই আঁত ধৰা সভাখনত ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, মাছখোৱা জিলা পৰিষদৰ সদস্যা বৰ্ণালী বৰগোহাঁই, ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী আৰু ধেমাজি জিলা উন্নয়ন আয়ুক্ত অৰূপ কুমাৰে উপস্থিত থাকি মহিলাসকলক প্ৰশিক্ষণ কেন্দ্ৰটিৰ দ্বাৰা প্ৰশিক্ষিত হৈ স্বাৱলম্বী হ’বলৈ আহ্বান জনায় ৷