অসম

assam

ETV Bharat / state

নাই স্থায়ী উপ-পৰিদৰ্শক : সমস্যাত জোনাইৰ বিদ্যালয়সমূহৰ শিক্ষক সমাজ

জোনাইত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত স্থায়ী উপ-পৰিদৰ্শক নথকাত শিক্ষক ৰাইজৰ মাজত সৃষ্টি হৈছে এশ এবুৰি সমস্যাৰ (teachers under Jonai DI office facing problems) ৷

By

Published : Sep 21, 2022, 2:07 PM IST

jonai
jonai

জোনাই, ২১ ছেপ্টেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত ৪৮ খন বিদ্যালয়ৰ প্ৰায় ১৯৩ গৰাকী শিক্ষকে যোৱা আগষ্ট মাহৰ দৰমহা আজি পৰ্যন্ত নোপোৱাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ জানিব পৰা মতে, জোনাইৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকগৰাকীয়ে চলিত বৰ্ষৰ জুলাই মাহত অৱসৰ গ্ৰহণ কৰাত জিলা শিক্ষা বিষয়াই ভাৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে (demand permanent DI in Jonai DI office) ।

কিন্তু জিলা শিক্ষা বিষয়াগৰাকীয়ে আজি প্ৰায় দুমাহৰ পিছতো শিক্ষক-শিক্ষত্ৰীসকলক মাহিলি বেতন দিব পৰাকৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনোধৰণৰ বিত্তীয় অনুমোদন আনিব পৰা নাই । ফলত ছেপ্টেম্বৰ মাহৰ ২০ টা দিন উকলি যোৱাৰ পিছতো শিক্ষক-শিক্ষত্ৰীসকলক বিগত আগষ্ট মাহৰ মাহিলি দৰমহা দিব পৰা নাই ।

যাৰ ফলত এতিয়া জোনাইৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক কাৰ্যালয়ৰ অন্তৰ্গত ৪৮ খন বিদ্যালয়ৰ প্ৰায় ১৯৩ গৰাকী শিক্ষক-শিক্ষত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ (teachers under jonai DI office no salary) ৷

সমস্যাত জোনাইৰ বিদ্যালয়সমূহৰ শিক্ষক সমাজ

ইফালে মাহিলি বেতনৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল শিক্ষক-শিক্ষয়িত্ৰীসকলে সময়মতে নিজৰ মাহিলি বেতন নোপোৱাত নিজৰ ল'ৰা-ছোৱালীৰ শিক্ষা, চিকিৎসা আদিৰ লগতে ঘৰৰ প্ৰয়োজনীয় খা-খৰচৰ ক্ষেত্ৰত সন্মুখীন হ'বলগীয়া হৈছে যথেষ্ট সমস্যাৰ ৷ জানিব পৰা মতে, জোনাইৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ দায়িত্বত থকা জিলা শিক্ষা বিষয়াই সুদূৰ ১০০ কিলোমিটাৰ নিলগৰ ধেমাজিত থাকি বিভাগটোৰ জোনাইৰ কাৰ্যালয়টো পৰিচালনা কৰে (Jonai DI office problem) ।

যাৰ ফলত জোনাইৰ একাংশ শিক্ষক ৰাইজে ব্যক্তিগত কিম্বা বিভাগীয় কাম-কাজৰ বাবে কাৰ্যালয়লৈ আহে যদিও শিক্ষা বিষয়াগৰাকীক লগ কৰিব নোৱাৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি মত প্ৰকাশ কৰিছে একাংশ শিক্ষকে ৷ সেয়ে জোনাইত এগৰাকী স্থায়ী উপ-পৰিদৰ্শক নিয়োগ কৰি শিক্ষকসকলে সন্মুখীন হোৱা সমস্যাবোৰ দূৰ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাইছে জোনাইৰ শিক্ষক সমাজৰ লগতে সচেতন মহলে (teachers under Jonai DI office facing problems) ৷

লগতে পঢ়ক :কলিয়াবৰত আয়োজন সৰ্প দংশনৰ চিকিৎসা সম্পৰ্কত সজাগতা সভা

ABOUT THE AUTHOR

...view details