জোনাই, 7 ছেপ্টেম্বৰ : অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ উদ্যোগত আৰু বিভিন্ন কৰ্মচাৰীৰ সহযোগত 5 ছেপ্টেম্বৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে ‘‘ভাৰত যাত্ৰা’’ কাৰ্যসূচী । পুৰণি পেঞ্চন নীতি বাহাল ৰখা আৰু ঠিকা ভিত্তিক শিক্ষকক নিয়মীয়া কৰাৰ দাবীত ৰূপায়ন কৰা হৈছে ভাৰত যাত্ৰা কাৰ্যসূচী ৷
বুধবাৰে বিয়লি ধেমাজি জিলাৰ চিলাপথাৰ-বগীবিল দলঙ সংযোগী ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰে লখিমপুৰলৈকে উলিওৱা হয় এক বিশাল সমদল । উৎকট গৰমকো নেওচি শতাধিক নতুন পেঞ্চন নীতিৰ অধীনৰ শিক্ষকসকলে ভাগ লয় ‘‘ভাৰাত যাত্ৰা’’ কাৰ্যসূচীত ।
পুৰণি পেঞ্চন নীতি বাহাল ৰাখক, ঠিকা ভিত্তিত নিয়োজিত শিক্ষকৰ চাকৰী নিয়মীয়াকৰণ কৰক, শিক্ষক-কৰ্মচাৰীৰ ন্যাৰ্য প্ৰাপ্য আদায় দিয়ক আদি শ্লোগানৰে কঁপাই তোলে চিলাপথাৰ-বগীবিল দলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ । নতুন পেঞ্চন নীতি নাকচ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখি কৰ্মচাৰীসকলৰ ভৱিষ্যত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায় প্ৰতিবাদী শিক্ষকসকলে ।