অসম

assam

ETV Bharat / state

Teachers Protest : মৰ্যাদা প্ৰদানৰ দাবীত শিক্ষামন্ত্ৰীৰ সমষ্টিত শিক্ষকৰ প্ৰতিবাদ - Assam govt education department

শিক্ষামন্ত্ৰীৰ সমষ্টিত শিক্ষকৰ প্ৰতিবাদ ৷ সদৌ অসম প্ৰাদেশীকৰণ টিউটৰ শিক্ষক যৌথ মঞ্চৰ ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ জিলা সমিতিৰ প্ৰতিবাদ (Tutor teachers protest in Dhemaji) ।

Dhemaji
Dhemaji

By

Published : Dec 12, 2022, 5:15 PM IST

শিক্ষামন্ত্ৰীৰ সমষ্টিত শিক্ষকৰ প্ৰতিবাদ

ধেমাজি, ১২ ডিচেম্বৰ :বিনাচৰ্তে টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত সোমবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাযসূচী ৰূপায়ণ সদৌ অসম প্ৰাদেশীকৰণ টিউটৰ শিক্ষক যৌথ মঞ্চৰ (Provincialized Tutor Teachers Joint Forum) ।

উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদেৰে উত্তাল কৰে শিক্ষকসকলে (Tutor teachers protest in Dhemaji) ৷ উল্লেখ্য যে, অসম চৰকাৰে ২০২১ চনত বিগত ২৫-৩০ বছৰে বিনাবেতনে শিক্ষকতা কৰা অসমৰ একাংশ শিক্ষকক মাত্ৰ ১০-১২ হাজাৰ দৰমহা প্ৰদানেৰে আঁভুৱা-ভাৰি আহিছে (Assam govt education department) ।

লগতে টিউটৰ হিচাপে নামকৰণ কৰা এইসকল শিক্ষকক আজি পৰ্যন্ত শিক্ষকৰ মৰ্যাদা প্ৰদান নকৰি মাজে-সময়ে উপলুঙা কৰাহে পৰিলক্ষিত হয় ৷ তাৰ বাবেই শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টিত সদৌ অসম প্ৰাদেশীকৰণ টিউটৰ শিক্ষক যৌথ মঞ্চই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । আনহাতে, ধেমাজিৰ লগতে লখিমপুৰ, মাজুলী, বিশ্বনাথ জিলা সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী শিক্ষকসকলৰ অভিযোগ, বাৰম্বাৰ চৰকাৰৰ ওচৰত প্ৰকৃত শিক্ষকৰ মৰ্যাদা বিচাৰি দাবী জনোৱাৰ পিছতো চৰকাৰে তিলমানো গুৰুত্ব গুৰুত্ব দিয়া নাই (Education minister Ranoj Pegu) ৷ যাৰ বাবে প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়ৰ ক্ষুব্ধ টিউটৰ শিক্ষকসকলে আজি এনেদৰে ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰী শিক্ষকসকলে হাতে হাতে প্লে'কাৰ্ড লৈ চৰকাৰবিৰোধী শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে প্ৰতিবাদী শিক্ষকসকলৰ দাবী, বিনাচৰ্তে টিউটৰ শিক্ষকসকলক শিক্ষকৰ উচিত মৰ্যাদা চৰকাৰে দিবই লাগিব ৷ উক্ত দাবী পূৰণ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে ৷

লগতে পঢ়ক :Pranjal Ghatowar : বিজেপিত যোগদানৰ সন্দৰ্ভত মন্তব্য প্ৰাঞ্জল ঘাটোৱাৰৰ

ABOUT THE AUTHOR

...view details