জোনাই, 13 ডিচেম্বৰ :জোনাইত অঘটন ৷ সাধাৰণ এটা ভুলৰ বাবেই প্ৰায় 6 মাহ পূৰ্বে এগৰাকী শিক্ষকে প্ৰহাৰ কৰিছিল এগৰাকী ছাত্ৰীক (Teacher beating student at Jonai)৷ শিক্ষকগৰাকীৰ প্ৰহাৰত কাণত গুৰুতৰভাৱে আঘাত পাইছিল ছাত্ৰীগৰাকীয়ে ৷ বৰ্তমানো সুস্থ হৈ উঠা নাই ছাত্ৰীগৰাকী ৷ এই অভিযোগ ভুক্তভোগী ছাত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকৰ ৷
অভিযোগ অনুসৰি, প্ৰায় 6 মাহ পূৰ্বে ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ সময়ত অজানিতে ম’বাইল নম্বৰ ভুলকৈ দিছিল ছাত্ৰীগৰাকীয়ে ৷ এই ভুলৰ বাবেই ছাত্ৰীগৰাকীক বেয়াকৈ কাণত প্ৰহাৰ কৰিছিল ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক কামদেৱ পাইটে (Student brutally tortured by school teacher) । ফলত থিতাতে মূৰ্চা যায় ছাত্ৰীগৰাকী ৷ পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীক ডেকাপাম উপ স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷
কিন্তু প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে ছাত্ৰীগৰাকীক উন্নত চিকিৎসা কৰাবলৈ পৰামৰ্শ দিয়ে ৷ সেই সময়ত ভয়ত বিতত হৈ অভিযুক্ত শিক্ষক কামদেৱ পাইটে ভুক্তভোগী ছাত্ৰীগৰাকীৰ চিকিৎসাৰ সমস্ত দায়িত্ব গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু ভুক্তভোগী ছাত্ৰীগৰাকীৰ কিছু সাধাৰণ চিকিৎসা কৰিয়েই দায়িত্ব সামৰে শিক্ষক কামদেৱ পাইটে ৷
লগতে পঢ়ক :Teacher beating students: স্কুলীয়া ছাত্ৰীক শিক্ষকৰ নিৰ্মম প্ৰহাৰ