জোনাই, 3 নৱেম্বৰ :ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত পঞ্চম সংখ্যক ৰাষ্ট্ৰীয় ষ্টুডেণ্ট ক্ৰীড়া সমাৰোহত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে জোনাইৰ তিনি টাইকোৱানডো খেলুৱৈয়ে । ষ্টুডেণ্ট গেমছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ সৌজন্যত ৰাজস্থানৰ জয়পুৰৰ পূৰ্ণিমা বিশ্ববিদ্যালয়ত 29 অক্টোবৰ পৰা 31 অক্টোবৰলৈ অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন ৷
ৰাষ্ট্ৰীয় ষ্টুডেণ্ট ক্ৰীড়া সমাৰোহ 2021ত সোণৰ পদক অৰ্জন কৰা খেলুৱৈ তিনিগৰাকী হৈছে বিপুল সোণোৱাল, ঘনশ্যাম পাংগিং আৰু দিনেশ পাচাৰ ৷ বিপুল সোণোৱাল জোনাই টাইকোৱানডো ক্লাৱৰ প্ৰশিক্ষক ৷ বিপুল সোণোৱালে 25 বছৰ বয়সৰ 54 কেজি ওজনৰ চিনিয়ৰ শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰে ।