অসম

assam

ETV Bharat / state

Swashthya sewa utsav: স্বাস্থ্য সেৱা উৎসৱৰ সময়তে ৰোগীৰ পৰিয়ালে উদঙালে স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপ - ধেমাজি অসামৰিক চিকিৎসালয়

ধেমাজিত স্বাস্থ্য সেৱা উৎসৱৰ সময়তে জিলা অসামৰিক চিকিৎসালয়ত ৰোগীৰ অভিভাৱকে উদঙালে স্বাস্থ্যখণ্ডৰ পঁয়ালগা স্বৰূপ (Poor condition of Dhemaji Civil Hospital) ৷ এশ এবুৰি অভিযোগ ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে ৷

swashthya sewa utsav
ধেমাজি অসামৰিক চিকিৎসালয়

By

Published : Apr 7, 2023, 6:44 PM IST

স্বাস্থ্য সেৱা উৎসৱ

ধেমাজি, ৭ এপ্ৰিল : অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিত কৰাৰ উদ্দেশ্য সমগ্ৰ ৰাজ্যতে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ ধেমাজি জিলাতো স্বাস্থ্য বিভাগৰ উদ্যোগত ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈকে তিনিদিনীয়া কাৰ্যসূচীৰ আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ (Swashthya sewa utsav) ।

কিন্তু এই উৎসৱৰ সময়তে ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৰোগীৰ অভিভাৱকে উদঙাই দেখুৱালে স্বাস্থ্যখণ্ডৰ নগ্ন স্বৰূপ (Poor condition of Dhemaji Civil Hospital) ৷ অভিযোগ অনুসৰি ধেমাজি অসামৰিক চিকিৎসালয়লৈ সময়মতে নাহে কোনো চিকিৎসক ৷ চৰকাৰীভাৱে কেইটামান চেলাইন যোগান ধৰাৰ বাহিৰে কিনিব লাগে বেজী, আনুষংগিক ঔষধ ৷

একেদৰে আন এগৰাকী অভিভাৱকৰ অভিযোগ মতে, চৰকাৰী চিকিৎসালয়খনত উপলব্ধ নহয় পানী, আঁঠুৱা, গাৰু ইত্যাদি লাগতিয়াল সামগ্ৰী ৷ কোনো কাম নাথাকিলে সময়মতে উপস্থিত নহয় চিকিৎসক ৷ দিনৰ ১১ /১২ বজাতহে ৰোগীৰ কক্ষলৈ আহে চিকিৎসক ৷ যাৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে ৰোগী আৰু অভিভাৱকে (Improve medical infrastructure) ৷

মন কৰিবলগীয়া যে, এতিয়াও চৰকাৰী স্বাস্থ্যখণ্ডৰ একাংশ দুনীতিপৰায়ণ কৰ্মচাৰী, চিকিৎসক আৰু নাৰ্চৰ অতপালি তথা দুৰ্ব্যৱহাৰৰ বাবে সাধাৰণ পৰিয়ালৰ ৰোগী পৰ্যাপ্ত সেৱাৰ পৰা বঞ্চিত হৈ আহিছে (Provide quality health services to the public) ৷ ইপিনে স্বাস্থ্য উৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে ধেমাজি নগৰ স্বাস্থ্য কেন্দ্ৰত মূল্যায়নকাৰী নবীন কামান আৰু ড৹ প্ৰাঞ্জল সোণোৱাল উপস্থিত হৈ মূল্যায়ন কৰে ৷ মুঠ ৯ খন স্বাস্থ্য প্ৰতিষ্ঠানত মূল্যায়নকাৰীৰ দ্বাৰা চিকিৎসালয় সমূহৰ আজি মূল্যায়ন কৰা হয় ৷ মূল্যায়নৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ দোষ ক্ৰুটি বিভিন্ন দিশ সামৰি মূল্যায়ন কৰা হয় ৷

উল্লেখযোগ্য যে, কালি ১০ খন স্বাস্থ্য প্ৰতিষ্ঠানত মূল্যায়ন কৰা হৈছে আৰু কালিলৈ ৯ খন স্বাস্থ্য প্ৰতিষ্ঠানত মূল্যায়ন কৰা হ’ব ৷ এই মূল্যায়নত জিলাখনৰ সৰ্বমুঠ ২৮ খন চিকিৎসা প্ৰতিষ্ঠান সমৰি লোৱা হৈছে ৷ এনেক্ষেত্ৰত শিক্ষাখণ্ডৰ পিছত স্বাস্থ্য খণ্ডত আৰম্ভ কৰা এই স্বাস্থ্য উৎসৱে অসমৰ স্বাস্থ্যখণ্ডত কিমান পৰিৱৰ্তন আৰু সংস্কাৰ আনিবলৈ সক্ষম হ’ব সেয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :State flower of Assam: 130 বিধ কপৌফুল সংৰক্ষণ কৰি চৰ্চালৈ আহিছে ধেমাজিৰ টংকেশ্বৰ দলৈ

ABOUT THE AUTHOR

...view details