অসম

assam

ETV Bharat / state

বগীবিল দলঙত স্বচ্ছতা অভিযান

হেপাঁহৰ বগীবিল দলঙত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰায় ৭০ গৰাকী কৰ্মচাৰীয়ে ।

By

Published : Mar 2, 2019, 9:06 PM IST

BOGIBEEL BRIDGE

ধেমাজি, ২ মাৰ্চ: যোৱা বৰ্ষৰ ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা হেপাঁহৰ বগীবিল দলঙত আৰম্ভ হৈছে স্বচ্ছ ভাৰত অভিযান । হাতে হাতে ঝাৰু - খৰাহি লৈ এদল লোকে দলঙৰ বক্ষত লাগি ৰোৱা আৱৰ্জনা, প্লাষ্টিকৰ বটল আদি পৰিষ্কাৰ কৰে । মুকলি হোৱাৰে পৰা উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী দলং খন চাবলৈ অহা লোকৰ ভিৰত লেতেৰা হৈ পৰা পৰিলক্ষিত হৈছে দলং খন । সেয়ে দলং খন পৰিস্কাৰৰ বাবে আগবাঢ়ি আহিছে উত্তৰপৰীয়া ৰাইজ ।

BOGIBEEL BRIDGE

শনিবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰায় ৭০ গৰাকী কৰ্মচাৰীয়ে ৰূপায়ন কৰে স্বচ্ছ ভাৰত অভিযান । এই অভিযানৰ উদ্যোগ লয় জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উপদেষ্টা বিশ্বেশ্বৰ দত্ত আৰু বৰগাঁও ৰাজহ চক্ৰ বিষয়া অৰুন্ধতী মিপুনে । চাফাইৰ অন্তত উপদেষ্টা গৰাকীয়ে জানিবলৈ দিয়ে যে, হেপাঁহৰ দলং খন স্বচ্ছ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে ।

ABOUT THE AUTHOR

...view details