অসম

assam

ETV Bharat / state

সোৱণশিৰিৰ বুকুত অব্যাহত শিল-বালিৰ ব্যাপক খনন - ব্যাপক খনন

সোৱণশিৰিৰ বুকুত শিল-বালিৰ ব্যাপক খনন ৷

সোৱণশিৰিৰ বুকু খান্দিছে কোনে ?

By

Published : Aug 28, 2019, 4:51 PM IST

ধেমাজি,২৮ আগষ্টঃসোৱণশিৰি নদীৰ বুকুত নাও ব্যৱহাৰ কৰি মহলদাৰে চলাইছে ব্যাপক খনন ৷ ধেমাজি জিলা বন সংমণ্ডলৰ অধীনৰ বালি আৰু শিল মহলৰ ব্যৱসায়ীয়ে ব্যাপক খননৰ জৰিয়তে জমা কৰিছে সোৱণশিৰিৰ বালি - শিল ৷ উল্লেখ্য যে, ধেমাজি বন সংমণ্ডলৰ অধীনত থকা ছয়টাকৈ শিল বালি মহলৰ ভিতৰত তিনিটা ক্ৰমে মণিকা , সোণাপুৰ আৰু তামুলী কুৱেৰী কেইটাৰ পৰা ট্ৰাকে ট্ৰাকে জিলাখৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয় বালি আৰু শিল ৷ কিছু দিনৰ আগত অতিৰিক্ত শিল আৰু বালি মজুত কৰাৰ অভিযোগত কেইবামাহ ধৰি ধেমাজি বন বিভাগে আটাইকেইটা মহল চীল কৰি দিছিল যদিও খুচুৰা ব্যৱসায়ীয়ে ধেমাজিত শিল-বালিৰ চৰা দামত বিক্ৰী কৰি সাধাৰণ জনতাক মাধমাৰ সোধোৱাৰ পাছত শেহতীয়াকৈ পুনৰ মহল তিনিটা মুকলি কৰি দিবলৈ বাধ্য হয় বন বিভাগ ৷

সোৱণশিৰিৰ বুকু খান্দিছে কোনে ?

ABOUT THE AUTHOR

...view details