জোনাই,২১ ডিচেম্বৰ:দুৰ্নীতিগ্ৰস্ত চৰকাৰী-বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ স্থিতি ৷ কিন্তু ইয়াৰ পিছতো যেন গা লৰা নাই একাংশৰ ৷ এইবাৰ ধেমাজিৰ চিচিবৰগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ত(Chichibargaon Revenue Circle Office) ধনদাবী আৰু প্ৰলোভনৰ অভিযোগত(Allegations of extortion and allurement) নিলম্বন কৰা হয় দুই লাট মণ্ডলক(Suspension of two lat mandals in Dhemaji) । নিলম্বিত দুই লাট মণ্ডল ক্ৰমে জিতু শইকীয়া আৰু মনোৱাৰ হুচেইন । এই দুই লাট মণ্ডলৰ ওপৰত ৰাইজে বিভিন্ন সময়ত উত্থাপন কৰি আহিছে বহু অভিযোগ । যাক লৈ ৰাজহ চক্ৰ কাৰ্যালয়টোত সৃষ্টি হৈ আহিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷
এনেবোৰ অভিযোগৰ ভিত্তিতে ১৭ ডিচেম্বৰত ধেমাজি জিলাৰ উপায়ুক্তই জাৰি কৰা এক নিৰ্দেশৰ ভিত্তিত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হয় লাট মণ্ডল জিতু শইকীয়া আৰু মনোৱাৰ হুচেইনক । লগতে বিষয়টোৰ উচিত তদন্তৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা তদন্তকাৰী বিষয়া হিচাপে জিলা অতিৰিক্ত উপায়ুক্ত যাদৱ পেগু আৰু জিলা সহকাৰী আয়ুক্ত ট্ৰিলিনা টাইদক দায়িত্ব অৰ্পন কৰে ।