জোনাই,২৭ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰ অন্তৰ্গত অমৰপুৰ নাহৰ বৰগুলী গাঁৱত স্বামিত্ব আঁচনিৰ অধীনত ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে (Survey by drone technology at Jonai of Dhemaji) বিশদ জৰীপ মঙলবাৰে জোনাইৰ গালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শুভ উদ্বোধন কৰা হয় । এই আঁচনিখ মুকলি কৰে লক্ষীমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷
আধুনিক ভূমি লেখা ব্যৱস্থাপনাৰ ক্ষেত্ৰত আদৰ্শ গাঁও সৃষ্টি কৰাৰ বাবে এই আঁচনিৰ জৰিয়তে এবছৰ ভিতৰতে জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ১২০ খন গাঁৱৰ ৰাইজৰ ভূমি জৰীপৰ ব্যৱস্থা সম্পন্ন হ'ব । অসমৰ ভিতৰতে এই আধুনিক ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে ভূমিলেখা ব্যৱস্থাপনা ধেমাজি আৰু লখিমপুৰ জিলাত পোন প্ৰথমবাৰৰ বাবে কৰা হ'ব বুলি কয় সাংসদ প্ৰদান বৰুৱাই ।