ধেমাজি,9 জুন: পঢ়ুৱৈৰ বাবে কোনো সমস্যা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ এই কথা ভিন্ন সময়ত ভিন্ন শিক্ষাৰ্থীয়ে প্ৰতীয়মান কৰি আহিছে ৷ বিগত বৰ্ষ বোৰৰ দৰেই এইবৰ্ষৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে সোঁৱৰালে সাফল্যৰ আঁৰত থকা একাংশ কৃতিমানৰ অধ্যৱসায় তথা একাগ্ৰতাৰ কথা ৷ তেনে এগৰাকী মেধাৱী ছাত্ৰ হৈছে ধেমাজিৰ গোঁহাই গাঁৱৰ খজুৱা চুকৰ মনোৰঞ্জন কোঁৱৰ ৷ ছাত্ৰগৰাকীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জিলাখনৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ ৯০% নম্বৰৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ৷ মনোৰঞ্জনৰ মাতৃ দীপামণি কোঁৱৰ আৰু পিতৃ মনোজ কোঁৱৰে চাইকেল মেৰামতি কৰি উপাৰ্জন কৰা সামান্য ধনেৰে ঘৰ চলাবলৈ অসুবিধা হোৱাৰ বাবে ছাত্রগৰাকীৰ অধ্যয়নত সহায় কৰি আহিছিল মোমায়েক আৰু বিদ্যালয়ৰ শিক্ষকসকলে ৷
কৃতিমানৰ আলোকেৰে মুখৰিত ধেমাজিৰ এটা পৰিয়াল - মনোৰঞ্জন কোঁৱৰ
প্ৰবল ইচ্ছাশক্তিয়েই হৈছে সফলতাৰ মূলমন্ত্ৰ ৷ এই কথা প্ৰতিপন্ন কৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ জৰিয়তে বিশেষ সফলতা কঢ়িয়াই আনিলে ধেমাজিৰ মনোৰঞ্জন কোঁৱৰ নামৰ এগৰাকী ছাত্ৰই ৷ আৰ্থিক অনাটনক প্ৰত্যাহ্বান জনাই সফলতা আঁজুৰি আনে ছাত্ৰগৰাকীয়ে ৷
কৃতিমানৰ কাহিনী
উল্লেখ্য যে,আৰ্থিক অনাটনৰ মাজতো কঢ়িয়াই অনা সফলতাৰ বাবে শুভাকাংশীৰ আগমন হৈছে মনোৰঞ্জনৰ ঘৰলৈ ৷ ছাত্রগৰাকীয়ে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত পঢ়িবলৈ আগ্ৰহী যদিও আৰ্থিক দুৰৱস্থাৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানত পঢ়িবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
লগতে চাওকঃকাচজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী