শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক জোনাই অধিৱেশনৰ সফল সামৰণি জোনাই, 13 ফেব্ৰুৱাৰী: ৬ লক্ষাধিক ভকত বৈষ্ণৱেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ’ল চিমেন চাপৰিৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ (Paramanand Ata Samannya Kshetra) ৷ ধেমাজি জিলাৰ চিমেন চাপৰিৰ চেৰেন আৰু হচং পথাৰ, পৰমানন্দ আতা ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সফল সামৰণি পৰে (92st Srimanta Sankardev Sangha Annual Conference) ৷
দেওবাৰে পুৱা ৫ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কৰা হয় (Successful conclusion of Jonai Conference) ৷ ৫.৩০ বজাত প্ৰাতঃ প্ৰসংগৰ আঁত ধৰে সংঘৰ জোনাই জিলা শাখাৰ শুভ গগৈয়ে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শাখা ৰেৱত বড়াৰ দ্বাৰা নাম প্ৰসংগ পিছত ৯ বজাত পাচ লক্ষাধিকৰো অধিক ভকত বৈষ্ণৱৰ উপস্থিতিত ধৰ্মধ্বজা উত্তোলন কৰে শংকৰদেৱ সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই ।
ইয়াৰ পিছতেই হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰে চেৰেন পথাৰৰ পৰমানন্দ আতা ক্ষেত্ৰ । দেৱবাদ্য খোল, তাল, মৃদংগ আৰু হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে চেৰেন পথাৰৰ আকাশ বতাহ । কিনকিনীয়া বৰষুণকো আওকাণ কৰি প্ৰায় ৪ লক্ষাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত ধৰ্মধ্বজা উত্তোলন কৰে সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই (Devotees gathered in Jonai) ৷
খোল তাল মৃদংগৰ চেও তথা হাজাৰ হাজাৰ আইসকলৰ উৰুলিৰ ধ্বনিৰে মুখৰিত এক অবিশ্বাস্য আধ্যাত্মিক পৰিৱেশত বিশাল পতাকা বেদীৰ ওপৰত অৱস্থান কৰি নৱ-নিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ধৰ্মধ্বজা উত্তোলন কৰি উত্তোলকৰ ভাষণত শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰ সম্পৰ্কে বিস্তৃতভাৱে আলোকপাত কৰাৰ লগতে বৰ্তমান সময়ত শংকৰদেৱৰ দৰ্শনৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে (Successful conclusion of 92st Srimanta Sankardev Sangha) ৷
লগতে পদাধিকাৰগৰাকীয়ে কয় যে জাতীয় মহত্ব আৰু গৰিমা যাতে সুৰক্ষিত কৰিব পাৰো আৰু আগুৱাই নিব পাৰো, সকলোৱে মিলিজুলি এখন সুন্দৰ পৃথিৱী তৈয়াৰ কৰিব পাৰো, তাৰ বাবে চেষ্টা চলোৱা উচিত । সুস্থ সঠিক আধ্যাত্মিক আন্দোলনৰ জৰিয়তে অসমীয়াৰ কৃষ্টি সংস্কৃতিক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰো, ইয়াৰ বাবে অবিৰত প্ৰচেষ্টা অব্যাহত থাকিব বুলিও মন্তব্য কৰে । সকলোৱে মিলি সমন্বয়ৰ এখন সমাজ নিৰ্মাণত সহযোগ কৰিবলৈ পদাধিকাৰগৰাকীয়ে আহ্বান জনায় ।
লগতে পদাধিকাৰগৰাকীয়ে কয়, "সমালোচনা-মানৱ জীৱনত সংঘটিত সংঘাত স্বাভাৱিক । সংঘাত, দোষ, গুণৰ প্ৰয়োজন আছে । এন্ধাৰ নহ’লে পোহৰ কি দৰে আহিব ? দোষ নাথাকিলে সংস্কাৰ কিদৰে হ’ব ৷ মাথো পাষৱিক চৰিত্ৰ এৰি ইতিবাচক দিশ গ্ৰহণ কৰিব লাগে ।"
ইয়াৰ পিছতে আতাক্ষেত্ৰৰ পৰা বাহিৰ কৰা হয় এখনি বিশাল সাংস্কৃতিক শোভাযাত্ৰা তথা ভাগৱত ভ্ৰমণ ৷ ৪ লক্ষাধিক ভকতে অংশ লোৱা প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘৰ গৰুড়, ৰাম বিজয়, দশৱতাৰ গৰুড়, বালি আৰু সুগ্ৰীবৰ তথাময়া ৰণ, নৰসিংহ, শ্ৰীকৃষ্ণ দশৱতাৰৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলৰ বিশাল শোভাযাত্ৰাই সমগ্ৰ চিমেন চাপৰিবাসীৰ দৃষ্টি আকৰ্ষণ কৰে (Devotees gathered at Paramanand Ata Samannya Kshetra) ৷
ইফালে দিনৰ ১১ বজাৰ পৰা চেৰেন আৰু হচং পথাৰৰ পৰমানন্দ আতা ক্ষেত্ৰৰ মূল মঞ্চত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অন্তিমখন মুকলি সভা উদ্বোধন কৰে সংঘৰ প্ৰাক্তন উপ পদাধিকাৰ বিৰেন বৰাই ৷ সভাত মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে ৷
সভাত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকী কয়, "ভাৰতীয় ৰাজনৈতিক মেপখন সলনি হ’ব পাৰে, কিন্তু সাংস্কৃতিক সভাৰ মেপখন কেতিয়াও সলনি নহয় ৷ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলৰ দৰমহা দিয়াৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে ৷ অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু শক্তি আন্দোলক সমগ্ৰ ভাৰত বৰ্ষত ইয়াৰ বাণী প্ৰৰ্ৱতনৰ কৰাৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ চৰকাৰখনে কলিকতাৰ শান্তি নিকেতনত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷"
তেওঁ লগতে কয়," শেহতীয়াভাৱে শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰ আৰু বিশ্ববিদ্যালয়খনৰ মাজত হোৱা বুজাবুজি চুক্তি অনুসৰি অসম চৰকাৰে ইতিমধ্যে ১০ কোটি টকা অনুমোদন দিছে ৷" শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা বৃহৎ অনুষ্ঠান, গতিকে সাধাৰণ মানুহৰ জীৱনক স্পৰ্শ কৰা শিক্ষা, জীৱিকা আৰু স্বাস্থ্যৰ বাবে বিভিন্ন পৰিকল্পনা লোৱাৰ বাবেও শংকৰদেৱ সংঘক আহ্বান জনালে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷
শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই প্ৰতিবেদন পাঠ কৰি কয়, "শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানচিত্ৰত নতুনকৈ সংযোজিত হৈছে ৪০ খন প্ৰাথমিক শাখা সমিতি আৰু এখন জিলা সমিতি ৷ পূৰ্বে ৫৪ খন জিলা সমিতি সংযোজিত হৈ থকা সংঘত নতুনকৈ আজিৰে পৰা পুৰী জিলা সমিতি সংযোজিত কৰাৰ পিছত মুঠ জিলা সমিতিৰ সংখ্যা হৈছেগৈ ৫৫ খন ৷ আনহাতে নতুনকৈ সংযোজিত হোৱাৰ পিছত বৰ্তমানে সংঘৰ শাখা সমিতিৰ সংখ্যা হৈছেগৈ ৬১৯৪ ৷"
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সমগ্ৰ দেশ ব্যাপি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহান কাম-কাজক ভূয়সী প্ৰশংসা কৰি কয়, "কেইবা শতকৰ পূৰ্বে গুৰুজনাই সৃষ্টি কৰা বৰগীত, ভাগৱত কীৰ্তন আদিৰ জৰিয়তে ভাষা-কলা-সংস্কৃতি সাহিত্যৰ যি যাত্ৰা আৰম্ভ কৰিছিল, সেই ধাৰাতেই বৰ্তমান অসমীয়া জাতিটো জীয়াই থাকিবলৈ সক্ষম হৈছে ৷ গুৰুজনাৰ আদৰ্শৰে অসমীয়া জাতীয় জীৱন পৰিচালিত হৈ আহিছে ৷"
ইপিনে সভাত বিশিষ্ট গান্ধীবাদী নেতা হেম ভাইক মণিকাঞ্চন বঁটা প্ৰদান কৰা হয় । বঁটাৰ সৈতে এক লাখ টকা, এখনি স্মাৰক, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰে । তদুপৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই এই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা 'সাংবাদিকতা বঁটা-2023' অসমীয়া প্ৰতিদিনৰ সাংবাদিক-লেখক, পৰিবেশ কৰ্মী ৰয়েল পেগু আৰু তিনিচুকীয়াৰ ৰঞ্জিত দত্তক প্ৰদান কৰে । বঁটাৰ লগতে প্ৰশস্তি পত্ৰ, স্মাৰক, অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু 11 হেজাৰ টকা আগবঢ়ায় । নিহাৰিকা কাশ্যপক কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শীতাৰ বাবে বঁটা প্ৰদানৰ লগতে হৰি প্ৰসাদ চেতিয়াক সোণাৰাম চুতীয়া সোঁৱৰণী কৃতী ছাত্ৰ বঁটা প্ৰদান কৰে ।
বিশিষ্ট অতিথি সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই আদৰণি ভাষণ আগবঢ়োৱা বিশাল সভাখনিত অসমৰ অন্যতম সংগঠন আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই , টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাং, মিচিং স্বয়ত্ব শাসিত পৰিষদৰ সদস্য নৰেশ কুম্বাং সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, বিধায়ক অমিয় কুমাৰ ভূঞা, সংঘৰ প্ৰাক্তন পদাধিকাৰবৃন্দ , আদৰণী সমিতিৰ সভাপতি হৰকান্ত পেগু , কাৰ্যকৰী সভাপতি ভূৱন পেগু, সম্পাদক কমল গগৈকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ, শিশু, যুৱ বক্তাই মুকলি সভাত উপস্থিত লক্ষাধিক ভকতৰ সন্মুখত ভাষণ আগবঢ়ায় ৷
ইপিনে সন্ধিয়া ৭ বজাত অনুষ্ঠিত হোৱা সাংস্কৃতিক সমাৰোহখনি উদ্বোধন কৰে বিশিষ্ট শিল্পী খগেন কোঁৱৰে ৷ হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাচকবনীয়া শিল্পীয়ে ঘাইকৈ শংকৰী গীত মাত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে (Srimanta Sankaradeva Sangha) ৷ সন্ধিয়া ৫ বজাৰ লগে লগে ধৰ্মধজ্জা অৱনমিত কৰে পদাদিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ৷ উল্লেখযোগ্য যে অহা বৰ্ষত ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশনখনি ৰঙিয়াত অনুষ্ঠিত হ’ব ৷
লগতে পঢ়ক:Sankardev Sangha Conference: দ্বিতীয় দিনাও হৰিনামৰ ধ্বনিৰে মুখৰিত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ