অসম

assam

জোনাইত বিজেপি প্ৰাৰ্থী ভুৱন পেগুৰ মনোনয়ন দাখিল

By

Published : Mar 8, 2021, 8:20 PM IST

অসমৰ ভিতৰতে জোনাই সমষ্টিত সৰ্বাধিক ভোট লাভ কৰিব বিজেপিয়ে- ভূৱন পেগু ৷ 114 জোনাই বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভুৱন পেগুৱে সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ৷ দিনৰ প্ৰায় 11 বজাত চাৰিগৰাকী সমৰ্থকক লৈ ক'ভিড প্ৰটকল মানি জোনাই মহকুমাধিপতিৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ ।

জোনাইত বিজেপি প্ৰাৰ্থী ভুৱন পেগুৰ মনোনয়ন দাখিল
জোনাইত বিজেপি প্ৰাৰ্থী ভুৱন পেগুৰ মনোনয়ন দাখিল

জোনাই, 8 মাৰ্চঃ114 জোনাই বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভুৱন পেগুৱে সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ৷ দিনৰ প্ৰায় 11 বজাত চাৰিগৰাকী সমৰ্থকক লৈ ক'ভিড প্ৰটকল মানি জোনাই মহকুমাধিপতিৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ । উক্ত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত জোনাই মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ উপস্থিত থাকে ৷

জোনাইত বিজেপি প্ৰাৰ্থী ভুৱন পেগুৰ মনোনয়ন দাখিল

মনোনয়ন দাখিলৰ পিছত আগন্তুক বিধান সভা নিৰ্বাচনৰ মূল প্ৰতিদ্বন্দী কোন হ’ব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিজেপি প্ৰাৰ্থী ভূৱন পেগুৱে মন্তব্য কৰে যে, মূল প্ৰতিদ্বন্দী কোন হ’ব তাক আমি চিন্তা কৰা নাই ৷ সকলো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰি প্ৰতিযোগিতাত নামিব এই সকল মোৰ প্ৰতিযোগী আৰু সকলোৰ লগতে আমি সমানে সমানে যুঁজিম ৷ ইয়াত জনগণৰ আস্থা আৰু আশীৰ্বাদ জড়িত হৈ আছে ৷

আজিৰ তাৰিখত অসম গণ পৰিষদ, গণ শক্তি, ইউ এন বি পি এলৰ সমৰ্থকে যিখিনি কাম কাজ কৰিছে আৰু জোনাই ৰাইজে আস্থা আৰু জয় কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে সেইয়ে বিজেপিৰ দলে অসমৰ ভিতৰতে জোনাই সমষ্টিত সৰ্বাধিক ভোটেৰে বিজয়ী হ’ব বুলি কয় বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷ আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱাত অত্যন্ত আত্ম বিশ্বাসী পেগুৱে 27 মে'ৰ ভোটদানৰ দিন আৰু ফলাফলৰ দিনটোলৈহে আগ্ৰহেৰে বাট চাই থকা বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়কঃযি দলৰ লক্ষ্য, স্থিতি স্পষ্ট নহয় সেই দলে উন্নয়ণ সাধিব নোৱাৰে : সোণোৱাল

ABOUT THE AUTHOR

...view details