জোনাই, ২৮ মে' : একাগ্ৰতা আৰু সুস্থিৰতাৰে একান্ত মনেৰে অধ্যয়ন কৰিলে ছাত্ৰ ছাত্ৰীয়ে সফলতা পাবই ৷ মেট্ৰিক পৰীক্ষাৰ ধাৰাবাহিকতা ধৰি ৰাখিব পাৰিলেহে কৃতী ছাত্ৰ বা ছাত্ৰী বুলিব পাৰি বুলি কয় জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে ৷ মঙলবাৰে তেলেমত অনুষ্ঠিত কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লয় বিধায়কজনে ৷ লগতে বিধায়কজনে স্থিৰতাৰে অধ্যয়ন কৰা শিক্ষাৰ্থীৰ দৰিদ্ৰতা কোনো হেঙাৰ নহয় বুলি বক্তব্য ৰাখে ৷
মিচিং ছাত্ৰ সন্থা টাকাম মিচিং পৰিং কেবাং চমুকৈ মি এম পি কেৰ লাইমেকুৰী,তেলাম, ডেকাপাম, আঞ্চলিক সমিতিৰ উদ্যোগত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ৫ নং ওৱাং জোনাই সমষ্টিৰ সহযোগত পৰিষদীয় সমষ্টিৰ এলেকাস্থিত যিসকল শিক্ষাৰ্থীয়ে হাই স্কুল আৰু উচ্চত্তৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰীক আজি বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানটোত মিচিং স্বায়ত্ত শাষিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি দৰিদ্ৰ পৰিয়ালৰ কৃতী ছাত্ৰ ছাত্ৰীক মিচিং স্বায়ত্ত শাসিত পৰিষদৰ পৰা বিশেষ ভাৱে পঢ়াৰ খৰছ বহন কৰিব বুলি কয় ৷ তেলামস্থিত টি এম পি কেৰ কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত কৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত পৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত মুঠ ১০৭ গৰাকী ছাত্ৰ ছাত্ৰীক মান পত্ৰ , মিচিং গামোচা ঐৰকংকেৰে সম্বৰ্ধনা জনোৱা হয় ৷ লগতে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ পৰা আগবঢ়াই অহা এক কালিন সাহাৰ্যৰ বাবে একোখনকৈ আবেদন পত্ৰ বিলোৱা হয় ৷