ধেমাজি, ২৯ নৱেম্বৰ: চৰকাৰৰ শিক্ষাবিভাগে উন্নতিৰ জয়ঢোল বজোৱাৰ সময়তে ধেমাজিৰ শিমলুগুৰি কাঁহচৰা প্ৰাথমিক বিদ্যালয়ত পৰিলক্ষিত হৈছে এক ব্যতিক্ৰমী দৃশ্য ৷ বৰ্তমান সময়ত শুনিবলৈ আচহুৱা যেন লাগিলেও জিলাখনৰ এখন বিদ্যালয়ত শিক্ষাৰ্থীয়ে গছৰ তলত শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে ৷ উল্লেখ্য যে, বিদ্যালয়খনত শ্ৰেণীকোঠা তথা ডেক্স-বেঞ্চৰ অভাৱৰ বাবে অধিকাংশ ছাত্র-ছাত্ৰীয়ে সম্প্ৰতি এইদৰে শিক্ষাগ্ৰহণ কৰি আছে । উক্ত বিদ্যালয়খন ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ সমীপৱৰ্তী বিষ্ণুপুৰ বনগাঁৱত অৱস্থিত ৷ পূৰ্বে 1969 চনত টেকজুৰিত স্থাপিত বিদ্যালয়খন প্ৰলয়ংকৰী জীয়াঢলৰ বানত জাহ যোৱাৰ পিছত, 2011 চনত বনগাঁৱত স্থাপন কৰা হয় । গছৰ তলত শিক্ষাপ্ৰদানৰ ক্ষেত্ৰত প্ৰধান শিক্ষক পংকজ কলিতাৰ শ্ৰম আৰু ত্যাগ শলাগিবলগীয়া ৷ উক্ত ঘটনা সন্দৰ্ভত প্ৰধান শিক্ষক কলিতাই জানিবলৈ দিয়া মতে, বিদ্যালয়খনত আছে ডেৰশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক ।
চৰকাৰী শিক্ষাৰ পুতৌলগা দৃশ্য ধেমাজিত: গছৰ তলত শিক্ষাগ্ৰহণ ছাত্র-ছাত্ৰীৰ
চৰকাৰৰ শিক্ষাবিভাগে উন্নতিৰ জয়ঢোল বজোৱাৰ সময়তে ধেমাজিৰ শিমলুগুৰি কাঁহচৰা প্ৰাথমিক বিদ্যালয়ত পৰিলক্ষিত হৈছে এক ব্যতিক্ৰমী দৃশ্য,শুনিবলৈ আচহুৱা যেন লাগিলেও জিলাখনৰ এখন বিদ্যালয়ত শিক্ষাৰ্থীয়ে গছৰ তলত শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে, শ্ৰেণীকোঠা তথা ডেক্স-বেঞ্চৰ অভাৱৰ বাবে অধিকাংশ ছাত্র-ছাত্ৰীয়ে সম্প্ৰতি এইদৰে শিক্ষাগ্ৰহণ কৰি আছে ৷
ইপিনে স্থানীয় ৰাইজৰ সহযোগত প্ৰধান শিক্ষক গৰাকীয়ে শৈক্ষিক পৰিৱেশ গঢ় দিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে । সম্প্ৰতি ভগ্নপ্ৰায় শ্ৰেণীকোঠালৈ সোমাই আহে পোহৰ । বিদ্যালয়খনত নাই চৰকাৰী কোনো আচবাব । বিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ আন্তগাঁথনি আৰু শিক্ষকৰ অভাৱ সন্দৰ্ভত বাৰম্বাৰ জিলাৰ শিক্ষাবিভাগক অৱগত কৰি অহা সত্বেও আজিকোপতি কোনো ব্যৱস্থা কৰা নাই বুলি মন্তব্য কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে । স্মৰ্তব্য যে, যি সময়ত ছাত্র-ছাত্ৰীৰ অভাৱত চৰকাৰী বিদ্যালয়ৰ অপমৃত্যু ঘটিছে, তেনে সময়তে প্ৰধান শিক্ষকগৰাকীৰ বিদ্যালয়খনক জীয়াই ৰখাৰ প্ৰয়াস প্ৰশংসনীয় ৷
লগতে চাওক:গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ ’’ খেল’ ইণ্ডিয়া 2020’’