অসম

assam

By

Published : Jul 26, 2022, 9:11 PM IST

ETV Bharat / state

Jonai Embankment Scam : বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণৰ দাবীত জোনাইত ধৰ্মঘট

জোনাইত গৰাখহনীয়া, বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমাণে বান সাহায্য প্ৰদান আৰু বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্র সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট (AASU protest demanding scientific embankment in Jonai) ৷

Jonai protest
Jonai protest

জোনাই, ২৬ জুলাই : জোনাইত সদৌ অসম ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্র সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট (AASU and Gorkha Students Association 2 hours protest) ৷ গৰাখহনীয়া, বানাক্ৰান্ত ৰাইজক পৰ্য্যাপ্ত পৰিমাণে বান সাহায্য, বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণৰ দাবীত জোনাই আঞ্চলিক ছাত্ৰ সন্থা, বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্র সন্থাৰ যৌথ উদ্যোগত এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

জোনাইৰ শ্বহীদবেদী প্ৰাংগণত ৰূপায়ণ কৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট অনুষ্ঠানত জোনাইত চিয়াং নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে টাৰি মাজগাঁৱৰ শান্তিপুৰৰ তিনিআলিলৈ প্ৰায় ৪.৫ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ হৈ থকা মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে (AASU protest demanding scientific embankment in Jonai) ৷ লগতে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰাৰ লগতে বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমাণে বান সাহায্য প্ৰদানৰ দাবী জনায় ।

জোনাইত মথাউৰি নিৰ্মাণত দুৰ্নীতিৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট আছু-গোৰ্খা ছাত্র সন্থাৰ

বিভাগীয় মথাউৰিৰ বাহিৰত ৰৈ যোৱা টাৰি মাজগাঁও, মিলনতীর্থ, বেংগুলি বস্তিগাঁৱত এশৰো অধিক লোকৰ ঘৰ-বাৰী বছৰৰ ছমাহ বৰষুণৰ পানীত ডুব গৈ থকা পৰিলক্ষিত হৈছে । সেয়ে শীঘ্ৰে সহকাৰী কাৰ্যবাহী অভিযন্তা, বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ, বালিৰে মথাউৰি নিৰ্মাণ কৰি কাম শেষ কৰিব বিচৰা ঠিকাদাৰৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ, টাৰি মাজগাঁও, বেংগলী বস্তি আৰু মিলনতীৰ্থ ৰাইজৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ।

জলসম্পদ বিভাগ হায় হায়, অসম চৰকাৰ কাম নাই, জলসম্পদ মন্ত্ৰীৰ কাম নাই আদি বিভিন্ন শ্লোগানেৰে অৱস্থান ধৰ্মঘটস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । লগতে উক্ত সমস্যাসমূহ স্থায়ী সমাধানৰ দাবীত জোনাই মহকুমাৰ মহকুমাধিপতিক এখন স্মাৰক-পত্ৰও প্ৰদান কৰা হয় ৷

প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা, উপ-সভাপতি হিৰণ শৰণীয়া, ৰবি কছাৰী, জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী, উপ-সভাপতি কল্লোল কোঁৱৰ, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম বড়া, সহকাৰী সাধাৰণ সম্পাদক লোহিত গজমেৰ, বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ মণ্টু সোণোৱাল, সাধাৰণ সম্পাদক দিৰেন নৰহ প্ৰমুখ্যে জিলা ছাত্ৰ সন্থা আৰু জোনাই আৰু বাহিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়া আৰু জোনাইৰ ৰাইজ উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details