অসম

assam

ETV Bharat / state

Operation Ganga: যুদ্ধভূমিৰ পৰা সুকলমে ঘৰ পালেহি জোনাইৰ আব্দুল - ইউক্ৰেইনত অসমৰ ছাত্ৰ

ইউক্ৰেইত অধ্যয়নৰত জোনাইৰ এজন শিক্ষাৰ্থী(Jonai youth studying in Ukraine) সুকলমে উপস্থিত হ’ল মাতৃভূমিত ৷ আব্দুৰ ৰছিদ ছাত্ৰজন নিজ গৃহত উপস্থিত হোৱাৰ পিছতে বৰ্ননা কৰিলে যুদ্ধভূমিৰ পৰিৱেশ ৷

Jonai youth studying in Ukraine
যুদ্ধভূমিৰ পৰা সুকলমে ঘৰ পালেহি জোনাইৰ আব্দুল

By

Published : Mar 13, 2022, 9:23 PM IST

জোনাই, 13 মাৰ্চ: যুদ্ধ বিধবস্ত ইউক্ৰেনত আৱদ্ধ হৈ থকা আন এজন অসমীয়া শিক্ষাৰ্থী সুকলমে মাতৃভূমিত উপস্থিত হৈছেহি ৷ জোনাইৰ কমলপুৰৰ নিবাসী চহিদুল আলিৰ পুত্ৰ আব্দুৰ ৰছিদ(Jonai youth studying in Ukraine) ইউক্ৰেইনৰ চুমিত মেডিকেল বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকত অধ্যয়ণৰত হৈ আছিল৷ যুদ্ধভূমিত আৱদ্ধ হৈ থকা জোনাইৰ ছাত্ৰজন সুকলমে আহি উপস্থিত হয় নিজ ঘৰত ৷

যুদ্ধভূমিৰ পৰা সুকলমে ঘৰ পালেহি জোনাইৰ আব্দুল

‘অপাৰেশ্যন গংগা’(Operation Ganga by Indian government)ৰ অধীনত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ভাতৰ ছাত্ৰকেইজনক ইউক্ৰেনৰ পৰা উদ্ধাৰ কৰি ভাৰতলৈ উভতাই লৈ অনাত ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ছাত্ৰজনে ৷ ছাত্ৰকেইজন মুম্বাই আৰু নতুন দিল্লীত উপস্থিত হোৱাৰ পিছতে তেওঁলোকক অসম ভৱনৰ বিষয়াই নিজৰ দায়িত্বত লয় ৷

যুদ্ধৰ ক’লীয়া ধোঁৱাই আৱৰি ধৰা ইউক্ৰেনৰ পৰা কুশলে উভতি আহি জোনাইত উপস্থিত হোৱা শিক্ষাৰ্থী আব্দুৰ ৰছিদে বৰ্ণনা কৰিলে ইউক্ৰেনত বিৰাজ কৰা ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে৷ নিজ ঘৰত উপস্থিত হৈ যথেষ্ট শান্তি অনুভৱ কৰা বুলি জানিবলৈ দিয়ে ছাত্ৰজনে ৷

লগতে পঢ়ক:খেলি থাকোতেই গ্ৰেণেড ফুটি আহত শিশু

ABOUT THE AUTHOR

...view details