অসম

assam

ETV Bharat / state

চৰকাৰক পুৰণি পেঞ্চন নীতি বাহালৰ আহ্বান জোনাই মহকুমা এন পি এছ কৰ্মচাৰী সন্থাৰ

নতুন ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ২২ আগষ্ট তাৰিখে সমগ্ৰ ৰাজ্যৰ লগতে জোনাই মহকুমাত কৰ্মবিৰতি পালন কৰা হয় (strike for demanding old pension scheme in Jonai)। জোনাই মহকুমাৰ সকলো চৰকাৰী কৰ্মচাৰীয়ে নিজা নিজা কৰ্তব্যস্থলীত উপস্থিত থাকে যদিও কৰ্তব্য পালনৰ পৰা বিৰত থাকে ।

Jonai
Jonai

By

Published : Aug 23, 2022, 4:21 PM IST

জোনাই, ২৩ আগষ্ট :ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ২০০৪ চনৰ জানুৱাৰী মাহৰ পৰা নতুনকৈ ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি প্ৰৱৰ্তন কৰে (National Pension System 2004) । তাৰ পিছত অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত অসমৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা উক্ত আঁচনিখন কাৰ্যকৰী কৰে (Assam Government New pension scheme) ।

যাৰ ফলত অসমতো ২০০৫ চনৰ পিছত চাকৰি লাভ কৰা কৰ্মচাৰীসকলক নতুন ৰাষ্ট্ৰীয় পেঞ্চন আচঁনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে । ইফালে জনগণৰ সেৱা কাৰ্যত নিয়োজিত কৰ্মচাৰীসকলৰ জীৱনৰ বিয়লি বেলাত এনে আত্মঘাতী আঁচনি চৰকাৰে কাৰ্যকৰী কৰাৰ পিছতে বৃদ্ধকালত অন্ধকাৰ ভৱিষ্যত লৈ কৰ্মচাৰীসকলে চাকৰি কৰিবলগা হৈছে (Assam Government employees opposes NPS)।

সেয়েহে নতুন ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ২২ আগষ্ট তাৰিখে সমগ্ৰ ৰাজ্যৰ লগতে জোনাই মহকুমাত কৰ্মবিৰতি পালন কৰা হয় (Strike for demanding old pension scheme in Jonai)। জোনাই মহকুমাৰ সকলো চৰকাৰী কৰ্মচাৰীয়ে নিজা নিজা কৰ্তব্যস্থলীত উপস্থিত থাকে যদিও কৰ্তব্য পালনৰ পৰা বিৰত থাকে । ইয়াৰ ফলত মহকুমা প্ৰশাসন আচল হৈ পৰে ।

জোনাই মহকুমা এন পি এছ কৰ্মচাৰী সন্থাৰ চৰকাৰক পুৰণি পেঞ্চন নীতি বাহালৰ আহ্বান

বিশেষকৈ শিক্ষানুষ্ঠানসমূহ খোলা থাকে যদিও পাঠদান নকৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি হয় । এই সন্দৰ্ভত নতুন পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত কৰ্মচাৰীসকলৰ দাবী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক শীঘ্ৰে পুৰণি পেঞ্চন আঁচনিলৈ উভতাই নিব লাগে । অন্যথা অধিক সবল ৰূপত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও ব্যক্ত কৰে (Jonai sub diviosional employees union demand OPS) । যাৰ ফলত হ'বলগা চৰকাৰৰ ক্ষয়-ক্ষতি বৃদ্ধি পাব ।

উল্লেখ্য যে, সোমবাৰৰ কৰ্মবিৰতি কাৰ্যসূচীত সকলো কৰ্মচাৰী সংগঠনে সহযোগ কৰি আন্দোলন সৰ্বাত্মক কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে সোমবাৰে জোনাই মহকুমা এন পি এছ কৰ্মচাৰী সন্থাই (Jonai NPS employees union) ঙাচাৰচুক উকুমত এক সংবাদমেল আয়োজন কৰে ৷

জোনাই এন পি এছ কৰ্মচাৰী সন্থাৰ মুখ্য উপদেষ্টা ভূমিধৰ বড়ো, সাধাৰণ সম্পাদক উপেন পেগু, কোষাধ্যক্ষ প্ৰতুল পেগু, সদস্য শংকধৰ মিলি, সাংগঠনিক সম্পাদক জগদীশ মহন্ত, প্ৰচাৰ সম্পাদক বিজয় বৰি, ৰমেন দলে, কস্মিতা পেগু আৰু কৃষ্ণ সোণোৱালৰ উপস্থিতিত আয়োজন কৰা সংবাদমেলযোগে নতুন ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ বাবে অসম চৰকাৰক আহ্বান জনায় ৷

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ প্ৰতিবাদত অভয়াপুৰীত আমছুৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details