অসম

assam

ETV Bharat / state

ধেমাজিত অসমীয়া যুৱকৰ প্ৰকৃত অসমীয়াগিৰী

একক প্ৰচেষ্ঠাৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰা যুৱকজন হ'ল ধেমাজিৰ মাছখোৱা যোৰকটাৰ স্নাতক ডিগ্ৰীধাৰী যুৱক দ্বিপেন টাইড ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মেক ইন ইণ্ডিয়াৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে আগবাঢ়ি আহিছে বানপীড়িত ধেমাজিৰ এচাম শিক্ষিত নিবনুৱা। নিবনুৱা সমস্যাক প্ৰত্যাহ্বান জনাই উদ্যমী যুৱকৰ দলটোৱে মন বান্ধিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত। দ্বিপেন টাইডে চাৰি গৰাকী যুৱকৰ সহযোগত নিজস্ব পৰিকল্পনাৰে লকডাউনৰ সময়ত বহুজাতিক কোম্পানীৰ দৰেই ১৮ মাহৰ গেৰান্টি যুক্ত LED বাল্ব প্ৰস্তুত কৰাৰ বাবে গঢ়ি তুলিলে বাল্ব প্ৰস্তুত কৰা উদ্যোগ ৷চাৰিওজন যুৱক মিলিত হৈ নিজৰ ঘৰখনকে পৰিণত কৰিলে এটা সম্ভাৱনাপূৰ্ণ কুটিৰ উদ্যোগলৈ।

By

Published : May 27, 2020, 9:47 PM IST

story of an Assamese youth from Dhemaji
ধেমাজিত অসমীয়া যুৱকৰ প্ৰকৃত অসমীয়াগিৰী

জোনাই,27মে': ধেমাজিত অসমীয়া যুৱকে দেখুৱালে প্ৰকৃত অসমীয়াগিৰী ৷ একক প্ৰচেষ্ঠাৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰা যুৱকজন হ'ল ধেমাজিৰ মাছখোৱা যোৰকটাৰ স্নাতক ডিগ্ৰীধাৰী যুৱক দ্বিপেন টাইড ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মেক ইন ইণ্ডিয়াৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে আগবাঢ়ি আহিছে বানপীড়িত ধেমাজিৰ এচাম শিক্ষিত নিবনুৱা। নিবনুৱা সমস্যাক প্ৰত্যাহ্বান জনাই উদ্যমী যুৱকৰ দলটোৱে মন বান্ধিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত। দ্বিপেন টাইডে চাৰি গৰাকী যুৱকৰ সহযোগত নিজস্ব পৰিকল্পনাৰে লক ডাউনৰ সময়ত বহুজাতিক কোম্পানীৰ দৰেই ১৮ মাহৰ গেৰান্টি যুক্ত LED বাল্ব প্ৰস্তুত কৰাৰ বাবে গঢ়ি তুলিলে বাল্ব প্ৰস্তুত কৰা উদ্যোগ ৷চাৰিওজন যুৱক মিলিত হৈ নিজৰ ঘৰখনকে পৰিণত কৰিলে এটা সম্ভাৱনাপূৰ্ণ কুটিৰ উদ্যোগলৈ। অনলাইন যোগে প্ৰযুক্তিৰ প্ৰশিক্ষণ লৈ আৰম্ভ কৰা উদ্যোগটোৱে এতিয়া আন নিবনুৱা যুৱকৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে। বহিঃৰাজ্যৰ পৰা আমদানি কৰি অনা কেঁচাসামগ্ৰীৰে নিৰ্মাণ কৰা বাল্বসমূহৰ মূল্য তুলনামুলকভাৱে কম দাম হোৱাৰ লগতে ব্যৱহাৰৰ সুচল হোৱাৰ বাবে সম্প্ৰতি গ্ৰাহকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে, কোনো ধৰণৰ চৰকাৰী সাহাৰ্য লৈ আশা নকৰি সম্পূৰ্ণ নিজা প্ৰচেষ্ঠাৰে সম্ভাৱনাপূৰ্ণ উদ্যোগটো গঢ় দিছে উদ্যমী যুৱককেইজনে।

ধেমাজিত অসমীয়া যুৱকৰ প্ৰকৃত অসমীয়াগিৰী

সম্প্ৰতি ৰাজ্য খনত নিৱনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ সময়তে বানপীড়িত ধেমাজিৰ মাছখোৱাৰ এই সকল থলুৱা যুৱকৰ যোগাত্মক প্ৰয়াসক চৰকাৰে যথোচিত গুৰুত্ব প্ৰদান কৰিলে অসমৰ গ্ৰাম্য অৰ্থনীতিত এক নতুন দিগন্ত সুচনা হোৱাৰ অৱকাশ আছে। ই টিভি ভাৰতৰ সাংবাদিকৰ আগত আগত উদ্যমী যুৱক দ্বীপেন টাইডে মন্তব্য কৰি কয় যে, তেওঁৰ ক্ষুদ্ৰ উদ্যোগটো দৈনিক গড়ে শতাধিক গুণগত LED বাল্ব প্ৰস্তুত কৰা হয়৷ দৈনিক প্ৰায় ১০০ ৰো অধিক LED বাল্ব ধেমাজি জিলাৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰা হয় ৷

ইপিনে, কলা শাখাৰ স্নাতক ডিগ্ৰী ধাৰী দ্বিপেনে সৰুৰে পৰা এনে উদ্ভাৱন মূলক কামত ব্ৰতী আছিল যদিও লক ডাউনৰ ফলত বিধ্বস্ত হোৱা গ্ৰাম্য অৰ্থনীতি আৰু কৰ্মহীন যুৱকৰ সংস্থাপন দিশলৈ লক্ষ্য ৰাখি এই দীৰ্ঘম্যাদী কৰ্মস্পৃসা বাস্তৱায়িত কৰিলে৷ আধুনিক বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ বিশেষ সম্বল নথকা মাজখোৱাৰ দৰে অনুন্নত ঠাইত দ্বিপেনৰ আৰু তেওঁৰ সহযোগিসকলৰ এনে উদ্যমী উদ্যোগীক কাৰ্যপন্থাই স্থানীয় নিবনুৱা সকলক এতিয়া এক অশানুৰূপ নিৰ্দশন দাঙি ধৰিছে ৷

লগতে পঢ়কঃআৰক্ষীৰ বাহনত টিকটক ভিডিঅ' ভাইৰেল, তদন্তৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details