অসম

assam

ETV Bharat / state

Story of Humanity: এজাক কুকুৰৰ সৈতে সময় পাৰ কৰা এগৰাকী মহিলা - Story of Humanity

মানুহে মানুহৰ বাবে ভাবিবলৈ পাহৰাৰ সময়ত এগৰাকী মহিলাৰ কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে । সকলোৱে এবাৰ জানিব খুজিছে মহিলাগৰাকীৰ বিষয়ে । কিন্তু কিয় ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

Story of a loving mother in Jonai
এজাক কুকুৰৰ সৈতে সময় পাৰ কৰা এগৰাকী মহিলা

By

Published : Jul 9, 2023, 5:39 PM IST

এজাক কুকুৰৰ সৈতে সময় পাৰ কৰা এগৰাকী মহিলা

জোনাই,৯ জুলাই: মানুহে পাহৰিছে মানুহৰ কৰ্তব্য । হত্যা-হিংসাই আৱৰিছে চৌদিশ । ইয়াৰ মাজতে এখন মন জুৰুৱা ছবি । এজাক কুকুৰ আৰু এগৰাকী মহিলা । সমাজত মানৱতা ভূ-লুন্ঠিত হোৱাৰ সময়তে এগৰাকী মমতাময়ী নাৰীৰ কামে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । মানুহে মানুহৰ প্ৰতি থকা দায়বদ্ধতা পাহৰাৰ সময়তে এজাক কুকুৰৰ বাবে সময় অতিবাহিত কৰিছে মহিলাগৰাকীয়ে ।

কুকুৰজাক তেওঁৰ সন্তানৰ দৰে । এজাক পাৰ চৰাইও আহে পুৱাতেই, তেওঁৰ খবৰ ল'বলৈ । তেওঁৰ নাম শেৱালি ৰেগন । হয়, মাতৃ মমতাময়ী ৷ নিজৰ সন্তানৰ বাবেই হওক বা আন দহজনৰ বাবে- এগৰাকী মাতৃৰ হৃদয় সদায় সমান ৷ এই কথাকেই যেন প্ৰমাণ কৰি দেখুৱাইছে জোনাইৰ শেৱালি ৰেগনে । জোনাই বাহিৰ চিলে গাৱঁৰ নিবাসী শেৱালি ৰেগন আন দহগৰাকী মাতৃৰ দৰে এগৰাকী মাতৃ ৷

জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল খণ্ডত এখনি সৰু চালিৰ তলত দোকান এখনেৰে পৰিয়াল পোহপাল দিয়া এগৰাকী সাধাৰণ মহিলা ৷ কিন্তু, শেৱালি ৰেগনৰ আছে জীৱ-জন্তুৰ প্ৰতি অগাধ মৰম চেনেহ ৷ মহিলাগৰাকীয়ে এজাক কুকুৰক নিতৌ ভাত বনাই খুৱাই আহিছে ৷ জোনাইৰ উচ্ছেদিত কবু চাপৰিৰ পৰা উদ্ধাৰ কৰা অৰ্ধশতাধিক কুকুৰক নিজৰ সন্তানৰ দৰে ভাত বনাই খুৱাই আছে মহিলাগৰাকীয়ে ৷

এই উদ্ধাৰ কৰা কুকুৰৰ বাবে নিতৌ বিভিন্নজনে আনে বিভিন্ন খাদ্য-সামগ্ৰী ৷ বিভিন্নজনে অনা খাদ্য-সামগ্ৰীবোৰ দিনত দুবাৰকৈ ৰান্ধি-বাঢ়ি কুকুৰবোৰক আগবঢ়াই দিয়ে শেৱালি ৰেগন নামৰ মহিলাগৰাকীয়ে ৷ নিজৰ পৰিয়ালৰ এজনৰ দৰে কুকুৰবোৰক বৰ্তমান প্ৰতিপালন কৰি আছে মহিলাগৰাকীয়ে ৷

ইয়াৰ উপৰি এজাক পাৰ চৰাইৰ বাবে ঘৰৰ চাউল নাইবা বেচিবলৈ অনা বুটমাহ দিয়ে আপোন হাতেৰে ৷ এই ক্ষেত্ৰত কোনো আক্ষেপ নাই শেৱালিৰ ৷ এতিয়া আপোন সন্তানৰ দৰে দৈনিক এনেকৈয়ে আগবঢ়াই গৈছে সেৱা । মানৱতা হেৰাই যোৱাৰ সময়তো শেৱালিৰ নিঃস্বাৰ্থ সেৱাই অনুপ্ৰাণিত কৰিছে বহুজনক । দহজনৰ বাবে আদৰ্শ হৈ ৰওক শেৱালি ।

লগতে পঢ়ক:Assam Muga Silk Culture : কৰ্মৰ আদৰ্শৰে জিলিকিছে মাহমৰাৰ প্ৰাক্তন বিধায়কৰ এটা পৰিয়াল

ABOUT THE AUTHOR

...view details