অসম

assam

ETV Bharat / state

ধেমাজি আৰক্ষী থানা চৌহদত বাইকৰ মেলা - ধেমাজি আৰক্ষীৰ বৃহৎ সফলতা

এমাহজোৰা অভিযানৰ অন্তত ধেমাজি আৰক্ষীৰ বৃহৎ সফলতা ৷ 9 খনকৈ চুৰি বাইক জব্দ কৰাৰ (Stolen bike recovered by Dhemaji Police) লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 10 জনকৈ লোকক ৷ অধিক তথ্যৰ বাবে ধৃত লোককেইজনক আৰক্ষীৰ জেৰা অব্যাহত ৷

stolen-bike-recovered-by-dhemaji-police
ধেমাজি আৰক্ষী থানা চৌহদত বাইকৰ মেলা

By

Published : Aug 31, 2022, 7:18 AM IST

Updated : Aug 31, 2022, 11:17 AM IST

ধেমাজি, 31 আগষ্ট:বিভিন্ন স্থানত ন-পুৰণি বাইকৰ মেলা হোৱাৰ বিষয়ে আপুনি হয়তো শুনিছে ৷ কিন্তু আৰক্ষী থানাত বাইকৰ মেলা এয়া হয়তো আপুনি প্ৰথম শুনিছে ৷ বিশ্বাস নহ’লে সময় পালে এবাৰ আহিব নহ’লে ধেমাজি সদৰ আৰক্ষী থানালৈ ৷ বাইকৰ মেলা ৷ শাৰী শাৰীকৈ সুন্দৰকৈ সজাই থোৱা হৈছে ইখনৰ পিছত আনখন বাইক ৷ ৰয়েল এনফিল্ড বাইকৰ পৰা আৰম্ভ কৰি কম দামী বাইকলৈকে সকলো সজাই থোৱা আছে ৷

ধেমাজি আৰক্ষী থানা চৌহদত বাইকৰ মেলা

পিছে কিহৰ এই বাইক মেলা ? আপুনিও জানিলে আচৰিত হ’ব ৷ কিয়নো এয়া কোনো আৰক্ষীয়ে বিক্ৰী কৰিবলৈ বিচৰা বাইক নহয় ৷ এমাহজোৰা বিশেষ অভিযানৰ অন্তত ধেমাজি আৰক্ষীৰ এয়া এক বৃহৎ সফলতা ৷ মঙলবাৰে নিশা 9 খন চুৰি বাইক উদ্ধাৰ কৰাৰ (Stolen bike recovered by Dhemaji Police) লগতে বাইক চুৰি আৰু কিনা বেচাৰ লগত জড়িত দহজন লোকক আটক কৰিবলৈ সক্ষম হয় ধেমাজি আৰক্ষীয়ে (Stolen bike recovered in Dhemaji) ৷ ইফালে ড্ৰাগছত আসক্ত কমবয়সীয়া যুৱকৰ দ্বাৰা এই চুৰিকাৰ্য সংঘটিত হৈ আহিছে বুলি আৰক্ষীয়ে সন্দেহ কৰে ৷

আটকাধীন দহজনৰ ভিতৰত চুৰি বাইক বেচা কিনাৰ লগত জড়িত মুল অভিযুক্ত ধেমাজিৰ ভৱেশ কাৰ্দঙৰ লগতে আন তিনিগৰাকী মাষ্টাৰমাইণ্ডো আছে বুলি ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ আগৰৱালাই জনায় ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:বৰপেটাত শিহৰণকাৰী পথ দুৰ্ঘটনাত নিহত এজন

Last Updated : Aug 31, 2022, 11:17 AM IST

ABOUT THE AUTHOR

...view details