ধেমাজি,9 ফেব্ৰুৱাৰী : ধেমাজিত মুকলি হ'ল প্ৰথমটো লোক ঔষধি চিকিৎসা কেন্দ্ৰ (Folk medicinal treatment center opened in Dhemaji)৷ পৰম্পৰাগত পদ্ধতিৰে এই ঔষধি চিকিৎসা কেন্দ্ৰটোত কৰা হ'ব চিকিৎসা (Folk medicinal treatment )৷ ধেমাজি নগৰৰ সমীপৱৰ্তী তেলিজানত লোক ঔষধি সেৱা আশ্ৰমৰ অধীনত সোমবাৰে প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ ভিতৰতে ধেমাজিত প্ৰথমটো লোক ঔষধি চিকিৎসা কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়(First folk medicinal treatment center) ৷
ধেমাজি ৰাজহ চক্ৰ বিষয়া অচ্যুত বৰুৱাই(folk medicine healing centre inaugural) এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ পতাকা উত্তোলন কৰে ৰাজ্যিক লোক ঔষধি চিকিৎসা সেৱা সমিতিৰ সভাপতি দেৱ কোছে ৷ ইয়াৰ পিছতে এখন কৰ্মশালা আৰু সজাগতা সভা অনুষ্ঠিত কৰি (Awareness program of Folk herbalists)পৰম্পৰাগত লোক ঔষধিৰ বিষয়ে উপস্থিত ৰাইজক বিস্তৃতভাৱে অৱগত কৰে অনুষ্ঠানত উপস্থিত অসমৰ বিভিন্ন জিলাৰ পৰা অহা লোক ঔষধি চিকিৎসক আৰু গৱেষকসকলে ৷