জোনাই,২৪ ফেব্ৰুৱাৰী :অসম গৌৰ্খা সন্মিলন ধেমাজি জিলাৰ উদ্যোগত আয়োজন মহিলা জনজাগৰণ সভাৰ ।জোনাইৰ নেপালী বস্তিৰ গোৰ্খা ভৱনৰ প্ৰাংগনত অনুষ্ঠিত হয় এই সভাৰ । ধেমাজি জিলা গোৰ্খা সন্মিলনৰ উপদেষ্টা পদ্ম ছেত্ৰীয়ে সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা পাঠ কৰে সংগঠনটোৰ সম্পাদক মন বাহাদুৰ ছেত্ৰীয়ে । সভাত উপস্থিত থাকি গোৰ্খা সন্মিলন ধেমাজি জিলা সমিতিৰ উপদেষ্টা দীনানাথ উপাধ্যায়ে সমিতিৰ মহিলা কোষৰ বিষয়ে বিতংভাৱে আলোচনা কৰে ।
তদুপৰি বাস্কা জিলাত হ'বলগীয়া আগন্তুক কেন্দ্ৰীয় সমিতিৰ অধিবেশনত শাখাসমূহে অংশগ্ৰহণ কৰাৰ বিষয়ে আলোচনা কৰা হয় । সভাত উপস্থিত থাকি সমিতিৰ সাহিত্য সভাপতি বীৰ বাহাদুৰ লিম্বুয়ে মহিলাসকলক সভাত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ উল্লেখ কৰা মতে ধেমাজিত বসবাস কৰা গোৰ্খা জনসাধাৰণৰ সমস্যা সমাধানৰ দাবীত গোৰ্খা সন্মিলনে আন্দোলন অব্যাহত ৰাখিছে । ইফালে তেওঁ ধেমাজি জিলা গোৰ্খা সন্মিলনক দুটা ভাগত বিভক্ত কৰি ধেমাজি আৰু জোনাই জিলা গঠনৰ বাবে কেন্দ্ৰীয় সমিতিক অনুৰোধ জনায় ।