অসম

assam

ETV Bharat / state

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি - সোণোৱাল কছাৰী ছাত্ৰ সন্থা

দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখনিৰ সামৰণি পৰে ৷

sonowal kochari student union 8th bieannual conference dhemaji assam etv bharat newssonowal kochari student union 8th bieannual conference dhemaji assam etv bharat news
সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ অধিৱেশনৰ সামৰণি

By

Published : Mar 15, 2020, 10:16 PM IST

Updated : Mar 15, 2020, 10:36 PM IST

ধেমাজি,১৫ মাৰ্চঃ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখনি ন-আলি ভজুগাওঁ সোণোৱালী ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈ দেওবাৰে সামৰণি পৰে ৷ অধিৱেশনৰ অন্তিম দিনা কাৰ্যসূচী অনুসৰি সোণোৱাল কছাৰী পৰম্পৰা কৃষ্টি প্ৰদৰ্শন আৰু স্মৃতিগ্ৰন্থ সোণচেঁকুৰা উন্মোচন কৰা হয় । ইয়াৰ পিছত ধেমাজি জিলা সোণোৱাল-কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ সোণোৱালৰ পৌৰহিত্যত অনুষ্ঠিত হয় মুকলি সভা ৷

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ অধিৱেশনৰ সামৰণি

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজিৰ বিধায়ক ৰণোজ পেগু,আমন্ত্ৰিত অতিথি হিচাপে অংশ লৈ জনগোষ্ঠীৰ উন্নয়নৰ হকে চৰকাৰে লোৱা পদক্ষেপৰ ওপৰত বক্তব্য আগবঢ়ায় সদৌ সোণোৱাল কছাৰী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি টংকেশ্বৰ সোণোৱালে ৷ সোণোৱালে ভাষণ প্ৰসংগত সোণোৱাল কছাৰী জাতীয় পৰিষদে বিশেষকৈ শিক্ষা,সাংস্কৃতিক আৰু ক্ৰীড়া বিষয়ত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে ৷ আগন্তুক বিত্তীয় বৰ্ষৰ পৰা ৫০গৰাকী ছাত্ৰ-ছাত্ৰীক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা উচ্চ মাধ্যমিকলৈ সম্পূৰ্ণ শিক্ষাৰ খৰছৰ দায়িত্ব বহন কৰিব পৰিষদে ৷ সেইদৰে জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰা ৰক্ষাৰ বাবে প্ৰশিক্ষক আনি গাঁৱে গাঁৱে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে ৷

লগতে চাওকঃভাগ্যপুৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ "কায়কল্প" পুৰস্কাৰ

Last Updated : Mar 15, 2020, 10:36 PM IST

ABOUT THE AUTHOR

...view details