ধেমাজী, 21 নৱেম্বৰঃসদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি ৰতন কছাৰীৰ শেহতীয়া কৰ্মৰাজীক লৈ ভিন্ন অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ ধেমাজী জিলা সমিতিৰ কাৰ্যকৰ্তা সকলে ৷ এই সন্দৰ্ভত শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ ধেমাজী জিলা সমিতিয়ে ৷
সংবাদমেলত সমিতিৰ কৰ্মকৰ্তা সকলে প্ৰাক্তন সভাপতিৰ গৰাকী বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে 2016 বৰ্ষতে ধেমাজিত অনুষ্ঠিত প্ৰতিনিধি সভাৰ জৰিয়তে সভাপতি দেৱানন্দ চেলেং আৰু সম্পাদক ৰাজু সোণোৱালক লৈ ৩১ জনীয়া সমিতি গঠন কৰা হয় ৷ এই সমিতিখনত অব্যাহতি দিয়া হৈছিল ৰতন কছাৰীক ।