অসম

assam

By

Published : Jan 30, 2023, 7:13 PM IST

ETV Bharat / state

Annual session of AASKSU: সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন (All Assam Sonowal Kachari Student Union) । অধিবেশন উপলক্ষে প্ৰকাশ পাব স্মৃতিগ্ৰন্থ । এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয় তিনঠেঙীয়াৰ পূৱেৰুণ কৃষিপাম নিগম খেলপথাৰত ।

Sonowal Kachari Student Union annual session
সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন

জোনাই,৩০ জানুৱাৰী: সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ (All Assam Sonowal Kachari Student Union) উদ্যোগত সোমবাৰে এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা তিনঠেঙীয়াৰ পূৱেৰুণ কৃষিপাম নিগম খেলপথাৰত অনুষ্ঠিত হয় । সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং আৰু সোণোৱাল কছাৰী সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক মহানন্দ সোণোৱালে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱালে (Sonowal Kachari Student Union annual session) ।

সন্থাৰ কেইবাগৰাকীও কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়া, স্থানীয় বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থকা সভাতে আগন্তুক ৭, ৮ আৰু ৯ এপ্ৰিল তাৰিখে তিনঠেঙীয়াৰ পূৱেৰুণ কৃষিপাম নিগম খেলপথাৰত অনুষ্ঠিত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ২২ সংখ্যক দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতিখন গঠন কৰা হয় ।

সভাত অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াক (cultural minister Bimal Bora) সভাপতি, প্ৰশান্ত বড়াক কাৰ্যকৰী সভাপতি, ধৰ্মানন্দ সোণোৱাল, দেৱেন্দ্ৰ সোণোৱাল, ক্ষীৰোদ বড়া, নৱ চুতীয়া, প্ৰদ্যুৎ দত্ত, চন্দন দেউৰী, ভদ্ৰ সোণোৱাল, দিলীপ শইকীয়া, কৰুণা সোণোৱাল, ৰহেশ্বৰ সোণোৱাল, ধনীৰাম শইকীয়া, দেৱেন সোণোৱালক উপ-সভাপতি, গুঞ্জানন বড়া, বিঞ্চু সোণোৱালক যুটীয়া সম্পাদক, যতীন সোণোৱালক সহকাৰী সম্পাদক, বীৰেন্দ্ৰ সোণোৱালক কোষাধ্যক্ষ হিচাপে লৈ মূল অভ্যৰ্থনা সমিতিখন গঠন কৰা হয় ।

সভাত এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত লোৱা হয় আৰু মহানন্দ সোণোৱালক সভাপতি, ৰশ্মিৰেখা সোণোৱালক সম্পাদিকা হিচাপে লৈ এখন স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি গঠন কৰা হয় । ইয়াৰ উপৰি উক্ত ৰাজহুৱা সভাতে খাদ্য, মঞ্চ, মণ্ডপ, তোৰণ, অতিথি আপ্যায়ন, পানীযোগান, সৌন্দৰ্যবৰ্ধন, স্বেচ্ছাসেৱী, শব্দ আৰু পোহৰ, পৰিবহণ, প্ৰচাৰ আদি কেইবাখনো উপ-সমিতি গঠন কৰা হয় ।

উল্লেখ্য, সোণোৱাল কছাৰীসকল হৈছে উজনি অসমৰ এক ভূমিপুত্ৰ জনজাতি । সোণোৱাল কছাৰীসকল তিব্বত-বৰ্মী ভাষা-ভাষী বড়ো-কছাৰী মূলৰ এটা ঠাল আৰু অসমৰ ধেমাজি, লখিমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিস্তাৰিতভাৱে বসবাস কৰে । শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, শোণিতপুৰ আৰু পূৰ্বভাৰতৰ নগাভূমি আৰু অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইতো বিক্ষিপ্তভাৱ বসবাস কৰা দেখা যায় । সোণোৱাল কছাৰীসকল উজনি অসমত বসবাস কৰি অহা এক প্ৰাচীনতম জনজাতি । সোণোৱাল কছাৰীসকল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত তিব্বত-বৰ্মী ভাষা-ভাষী শাখাৰ অসম-বৰ্মী এক জনগোষ্ঠী ।

লগতে পঢ়ক:Road construction works at Jonai: জোনাইত পথ উন্নীতকৰণৰ কামৰ শুভাৰম্ভ সাংসদ প্ৰদান বৰুৱাৰ

ABOUT THE AUTHOR

...view details