জোনাই, 19 এপ্ৰিল :ৰাজ্যৰ চৌদিশে এতিয়া বৈছে ৰঙালীৰ উচাহৰ ঢল ৷ ৰঙালীৰ ৰঙত এতিয়া মতলীয়া ৰাজ্যৰ ভিন্ন জাতি-জনগোষ্ঠী (Rangali bihu celebrations in Assam) ৷ অসমৰ বিভিন্ন জনগোষ্ঠীসকলেও নিজা পৰম্পৰাৰে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি ৷ বাদ পৰি ৰোৱা নাই অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীসকল ৷
জোনাই সোণোৱাল কছাৰীসকলে অতি উলহ-মালহেৰে হাইদাং হুঁচৰি গাই উদযাপন কৰিছে হিয়াৰ আমঠু সদৃশ বিহুটি (Sonowal Kachari bihu celebrations at Jonai) ৷ জোনাইৰ বলাইপামত এতিয়া মাথো পৰিলক্ষিত হৈছে জাক জাক হাইদাং হুঁচৰিৰ দল ৷ বলাইপাম গাঁৱৰ সোণোৱাল কছাৰীসকলে গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে একেলগ হৈ মাৰিছে হাইদাং হুঁচৰি (Sonowal Kachari's Traditional Bihu Haidang Husori) ৷
হাইদাং হুঁচৰি গোৱাত ব্যস্ত জোনাইৰ সোণোৱাল কছাৰী বিহুৱাসকল বলাইপাম গাঁৱৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিশেষকৈ পুৰুষসকলে এডাল বাঁহৰ লগতে ঢোল, তাল লৈ হাইদাং হুঁচৰি মাৰিবলৈ প্ৰৱেশ কৰে গাঁৱৰ প্ৰত্যেকৰে ঘৰত ৷ তাৰ পিছত পৰম্পৰা অনুসৰি বাঁহডাল গৃহস্থৰ ঘৰৰ চোতালত পুতি লৈ প্ৰতিজনে হাতে হাতে এডাল বাঁহৰ লাঠী লৈ বাঁহত বজাই বজাই হাইদাং হুঁচৰি গাই, ৰং-ৰহইছ কৰে ৷
আনকি হুঁচৰিৰ অন্তত বিহুৱা ডেকাসকলক গৃহস্থই মংগল কামনা কৰি শৰাই আগবঢ়ায় ৷ তাৰ পাচতে হাইদাং হুঁচৰিৰ বিহুৱা দলেও গৃহস্থৰ সুখ-শান্তি তথা সমৃদ্ধিৰ কামনাৰে আশীৰ্বাদ দি বিদায় লয় ৷ কেৱল জোনাইতে নহয়, অসমৰ প্ৰত্যেক ঘৰৰ চোতালত এতিয়া দেখিবলৈ পোৱা গৈছে এই দৃশ্য ৷
লগতে পঢ়ক :Rangali Bihu 2022 : টীয়কৰ পথাৰত জেং বিহু প্ৰদৰ্শন