অসম

assam

ETV Bharat / state

Sonowal Kachari Barmajhiri session: সোণোৱাল কছাৰীৰ বৰমাঝিৰী সঁচৰ অধিৱেশনৰ আজি মুকলি সভা

ধেমাজি জিলাৰ হাতীপৰা গাঁৱত দেওবাৰৰ পৰা সোণোৱাল কছাৰীসকলৰ বৰমাঝিৰী সঁচৰ ধেমাজি জিলা সমিতিৰ সপ্তম সংখ্যক অধিৱেশন আৰম্ভ হৈছে (Bormajhiri branch of Sonowal Kachari)। আজি এই অধিৱেশনৰ অন্তিম দিন ।

Bormajhiri branch of Sonowal Kachari
সোণোৱাল কছাৰী সকলৰ বৰমাঝিৰী সঁচ

By

Published : Feb 5, 2023, 10:00 AM IST

জোনাই,ফেব্ৰুৱাৰী: অসমৰ ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ বৰমাঝিৰী সঁচৰ ধেমাজি জিলা সমিতিৰ সপ্তম সংখ্যক অধিৱেশনখন জিলাখনৰ হাতীপৰা গাঁৱত দেওবাৰৰ পৰা আৰম্ভ হৈছে (Sonowal Kachari Barmajhiri Dhemaji district committee session)। অধিৱেশনৰ প্ৰথম দিনা পুৱা ৮ বজাত অভ্যৰ্থনা সমিতিৰ কোষাধ্যক্ষ সৰ্বানন্দ শইকীয়াৰ নেতৃত্বত স্বচ্ছতা অভিযান মুকলি কৰা হয় । ইয়াৰ পিচতেই পুৱা ৮.৩০ বজাত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে সদৌ ধেমাজি জিলা বৰমাঝিৰী সঁচৰ মুখ্য উপদেষ্টা ডিম্বেশ্বৰ শইকীয়াই । ইপিনে, পুৱা ১০ বজাত মঞ্চ উদ্বোধন কৰে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চবৰ্গ সহায়ক দুতিৰাম শইকীয়াই ।

কছাৰীসকলৰ বৰমাঝিৰী সঁচৰ ধেমাজি জিলা সমিতিৰ সপ্তম সংখ্যক অধিৱেশনৰ সৈতে সংগতি ৰাখি পুৱা ১০.৩০ বজাত হাতীপৰা গাঁৱৰ মহিলা সকলৰ দ্বাৰা লেছেৰী নৃত্য প্ৰদৰ্শন কৰা হয় (Bormajhiri branch of Sonowal Kachari) । এই অনুষ্ঠানৰ পিচতে পুৱা ১১ বজাত সদৌ ধেমাজি জিলা বৰমাঝিৰী সঁচৰ মুখ্য উপদেষ্টা উমাকান্ত শইকীয়াৰ সভাপতিত্বত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় । বিয়লি ৩ বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।

ইপিনে,আজি অৰ্থাৎ ৫ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাত স্মৰণিকা উন্মোচন কৰে কিৰণ একাডেমীৰ অধ্যাপিকা ৰুমা বড়া শইকীয়াই । ইয়াৰ পিচতে পুৱা ৯ বজাত বৰমাঝিৰী সঁচৰ বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । পুৱা ১০ বজাত ডিম্বেশ্বৰ শইকীয়াৰ সঞ্চালনাত "সাম্প্ৰতিক সময়ত বংশাৱলী সভাৰ প্ৰাসংগিকতা আৰু ধেমাজি জিলাত বসবাস কৰা বৰমাঝিৰী সঁচৰ ওপৰত পৰ্যালোচনা" শীৰ্ষক বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব । এই আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰিব নৰ্থ বেংক মহাবিদ্যালয়ৰ প্ৰৱক্তা মোহিত কুমাৰ সোণোৱাল, ৰবি শইকীয়া, বীৰেণ সোণোৱাল,ডাঃগিৰিণ শইকীয়া আৰু ধনেশ্বৰ সোণোৱালে ।

আনহাতে,দিনৰ ১১.৩০ বজাৰ পৰা সদৌ ধেমাজি জিলা বৰমাঝিৰী সঁচৰ সভাপতি তিলেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিতব্য় মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ড৹ পৰমানন্দ সোণোৱাল । বিশিষ্ট অতিথি হিচাপে সোণোৱাল কছাৰী সাহিত্য সভাৰ উপ সভাপতি হেৰম্ব প্ৰসাদ দাসৰ লগতে সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱাল, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল উপস্থিত থাকিব (All Assam Sonowal Kachari Students Union) । সন্ধিয়া ৬ বজাৰ পৰা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:Indian Mujahideen sleeper cells: দেশত ভিন্ন বেশত ঘূৰি ফুৰিছে ভাৰতীয় মুজাহিদীনৰ চোৰাংচোৱা; তথ্যত প্ৰকাশ

ABOUT THE AUTHOR

...view details