জোনাই, ১৬ জুন :পবা সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে বন ধ্বংসকাৰী তথা চোৰাং কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা ৷ জোনাইৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ বৈচিত্ৰৰ ভঁড়াল পবা সংৰক্ষিত বনাঞ্চলৰ প্ৰতি একাংশই কঢ়িয়াই আনিছে অশনি সংকট ৷ মহামাৰী কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বলৱৎ কৰা সান্ধ্য আইন আৰু বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ বুজি বনাঞ্চলখনৰ পৰা বহু মূল্যৱান গছ কাটি নিছে চোৰাং কাঠ ব্যৱসায়ীয়ে ৷ জোনাই বনাঞ্চলিক কাৰ্যালয়ৰ পৰা মাত্ৰ 3 মাইল দূৰত থকা বনাঞ্চলখনৰ ধ্বংসক লৈ উদ্বগ্নিতা প্ৰকাশ কৰিছে স্থানীয় একাংশ সচেতন লোকে ৷
ধ্বংসৰ গৰাহত পবা সংৰক্ষিত বনাঞ্চল - Pava Wildlife Protection Committee
জোনাইৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ বৈচিত্ৰৰ ভঁড়াল পবা সংৰক্ষিত বনাঞ্চলৰ প্ৰতি একাংশই কঢ়িয়াই আনিছে অশনি সংকট ৷ মহামাৰী কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বলৱৎ কৰা সান্ধ্য আইন আৰু বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ বুজি বনাঞ্চলখনৰ পৰা বহু মূল্যৱান গছ কাটি নিছে চোৰাং কাঠ ব্যৱসায়ীয়ে ৷

পবা বন্যপ্ৰাণী সুৰক্ষা সমিতি, চিলেৰ প্ৰকৃতি কৰ্মীসকলে বুধবাৰে চোৰাং কাঠ ব্যৱসায়ীয়ে গছ কাটি নিয়া পবা বনাঞ্চলৰ পবামুখ পৰিদৰ্শন কৰে আৰু বন বিভাগৰ চকুৰ আগতে চোৰাং কাঠ ব্যৱসায়ীয়ে মূল্যৱান গছ কাটি নিবলৈ সক্ষম হোৱা ঘটনাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে । দীৰ্ঘদিনৰ পৰা বনাঞ্চলখনত চোৰাং কাঠৰ ব্যৱসায় চলাই অহা ব্যৱসায়ী সকলক শীঘ্ৰে কৰায়ত্ত কৰাৰ লগতে কৰ্তব্যত গাফিলতি কৰা বন বিষয়া-কৰ্মীসকলৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বন বিভাগক দাবী জনায় ।
লগতে পঢ়ক:লুইতৰ বুকুত বিলীন হোৱাৰ দিশে শিলঘাটৰ অশোকাষ্টমী মেলাস্থলী