অসম

assam

ETV Bharat / state

Smart policing in Assam : মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগে লগেই আৰক্ষীয়ে ল’লে পদক্ষেপ - অসম আৰক্ষীৰ স্মাৰ্ট পুলিচিং

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন নিয়ম ৷ কথা মতেই কাম কৰিলে আৰক্ষী বিভাগে ৷ স্মাৰ্ট পুলিচিং(smart policing) ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰা অসম আৰক্ষীয়েনো এইবাৰ কি নতুন চমক দিলে জানো আঁহক ৷

smart-policing-in-assam-jonai-police-follows-cm-himantas-order-to-distribute-death-certificate-in-home
smart policing in Assam : মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগে লগেই আৰক্ষীয়ে ল’লে পদক্ষেপ

By

Published : Nov 20, 2021, 3:53 PM IST

জোনাই, 20 নৱেম্বৰ : শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ যি মৃত্যুৰ প্ৰমাণ পত্ৰ (death certificate), সেইয়া মৃতকৰ পৰিয়াললৈ গৈ ঘৰে ঘৰে গৈ প্ৰদান কৰিব লাগিব আৰক্ষীয়ে ৷ কথা মতেই এতিয়া যেন কাম কৰি দেখুৱাইছে আৰক্ষী বিভাগে ৷ তৎকালীনভাৱে এই নিৰ্দেশ পালন কৰিছে জোনাই আৰক্ষীয়ে ৷

জোনাই আৰক্ষীয়ে যোৱা বৃহস্পতিবাৰে দুৰ্ঘটনাত নিহত হোৱা দুজন পৰিয়ালৰ ঘৰত উপস্থিত হৈ প্ৰদান কৰিলে মৃত লোক কেইজনৰ মৃত্যুৰ প্ৰমাণ পত্ৰ ৷ উল্লেখযোগ্য যে, জোনাই মহকুমাৰ লাইমেকুৰী অঞ্চলৰ দুজন যুৱকে যোৱা ৬ নৱেম্বৰত এক গাড়ী দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৷ সেই যুৱক দুজনৰ ঘৰত যোৱা বৃহস্পতি বাৰে জোনাই আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰ কমল শইকীয়া আৰু উপ পৰিদৰ্শক ৰবি ৰঞ্জন দাস উপস্থিত হৈ মৃতকৰ পৰিয়ালক চমজাই দিয়ে মৃত্যুৰ প্ৰমাণ পত্ৰ ৷

smart policing in Assam : মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগে লগেই আৰক্ষীয়ে ল’লে পদক্ষেপ

ইয়াৰ উপৰিও আৰক্ষীয়ে মৃতকৰ পৰিয়ালক প্ৰয়োজন হোৱা সকলো প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে ৷ অসম চৰকাৰ আৰু আৰক্ষী বিভাগৰ এনে পদক্ষেপক অশেষ ধন্যবাদ জনাইছে পৰিয়ালৰ লোক সকলে ৷

মন কৰিব লগীয়া বিষয় যে, ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পিছতে সচৰাচৰ বিতৰ্কৰ আৱৰ্তত থকা ৰাজ্যৰ আৰক্ষী বিভাগত এতিয়া দেখা গৈছে বহু নজিৰ বিহীন পৰিৱৰ্তন ৷ ড্ৰাগছ তথা অবৈধ নিচা যুক্ত দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লোৱা প্ৰচেষ্টাৰো শলাগ লৈছে ৰাজ্যবাসীয়ে ৷ একেবাৰে শেহতীয়াকৈ, স্মাৰ্ট পুলিচিং( smart policing) ক্ষেত্ৰতো অসম আৰক্ষীয়ে দেশৰ সকলো ৰাজ্যৰ ভিতৰতে লাভ কৰিছে তৃতীয় স্থান ৷

লগতে পঢ়ক : Smart policing : দেশৰ ভিতৰত শীৰ্ষৰ তৃতীয় স্থানত অসম আৰক্ষী

ABOUT THE AUTHOR

...view details