অসম

assam

By

Published : Feb 7, 2020, 12:22 PM IST

ETV Bharat / state

মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ হাতমোজা উদ্ভাৱন ধেমাজিৰ যুৱ বিজ্ঞানীৰ

এক বিশেষ বৈদ্যুতিক হাত মোজা উদ্ভাৱন কৰিছে ধেমাজিৰ যুৱ বিজ্ঞানী নৱজিৎ ভৰালীয়ে ৷ এয়া যুৱকজনৰ ১৭ সংখ্যক উদ্ভাৱন ৷ স্মাৰ্ট হেণ্ড গ্লোভ নামেৰে নামাকৰণ কৰা বিশেষ মোজাযোৰ ব্যৱহাৰ কৰিব পৰা যাব মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত ৷

মহিলাৰ সুৰক্ষা
বিশেষ হাতমোজা উদ্ভাৱন

ধেমাজি,7 ফেব্ৰুৱাৰীঃ পুনৰাই কৃতিত্ব লাভ এজন কটনিয়ানৰ ৷ বিশেষ পদ্ধতিৰ হাত মোজা আৱিস্কাৰেৰে চৰ্চাত এজন কটনিয়ান ৷ এযোৰ বিশেষ হাত মোজাই নিৰাপত্তা প্ৰদান কৰিব মহিলাক ৷ সহজে চিনাক্ত হ’ব অপৰাধী ৷ এনে এক বিশেষ বৈদ্যুতিক হাত মোজা উদ্ভাৱন কৰিছে ধেমাজিৰ যুৱ বিজ্ঞানী নৱজিৎ ভৰালীয়ে ৷ এয়া যুৱকজনৰ ১৭ সংখ্যক উদ্ভাৱন ৷ স্মাৰ্ট হেণ্ড গ্লোভ নামেৰে নামাকৰণ কৰা বিশেষ মোজাযোৰ ব্যৱহাৰ কৰিব পৰা যাব মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত ৷ মোজাযোৰত সংলগ্ন থাকিব বৈদ্যুতিক শ্ব’ক ৷ ইয়াৰ জৰিয়তে এগৰাকী মহিলাই ৩-৪ ঘণ্টালৈকে নিজক সুৰক্ষা প্ৰদান কৰিব পাৰিব ৷ বৈদ্যুতিক শ্ব’ক থাকিলেও মোজা পৰিধান কৰা মহিলাগৰাকীৰ কোনো ক্ষতি নহ’ব বুলি যুৱ বিজ্ঞানীজনে সদৰী কৰিছে ৷ হাত মোজা যোৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে,য’ত জি পি এছৰ ব্যৱস্থা থাকিব ৷ লগতে বিশেষ গোপন কেমেৰা আৰু ভিডিঅ’ ৰেকৰ্ডিং কেমেৰাৰো ব্যৱস্থা ৰখা হৈছে হাত মোজা যোৰত ৷

বিশেষ হাতমোজা উদ্ভাৱন

বৰ্ধিত নাৰী নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি নৱজিতে উদ্ভাৱন কৰা এই মোজাই অপৰাধমূলক ঘটনা ৰোধ কৰাত সহায় কৰিব ৷ মোজা যোৰৰ জৰিয়তে বিপদত পৰা মহিলাই মোজা যোৰত মজুত থকা প্ৰযুক্তি ব্যৱহাৰ কৰি ফোন কৰিব পাৰিব ৷ লগতে নেটৱৰ্ক নথকা ঠাইত থাকিলেও মোজাযোৰৰ নিৰ্দিষ্ট নম্বৰত এটা এছ এম এছ পঠিয়ালে নেটৱৰ্ক পোৱাৰ লগে লগে মোজাযোৰে ঘৰলৈ ফোন কৰি দিব পৰাকৈ সুবিধা সন্নিৱিষ্ট কৰা হৈছে ৷ যদিহে মোজা যোৰ অপৰাধীয়ে লৈ যায় তেনেক্ষেত্ৰত জি পি এছৰ সহায়ত অপৰাধীক কৰায়ত্ত কৰিব পাৰিব আৰক্ষীয়ে ৷ অপৰাধীয়ে মোজাযোৰ জ্বলাই দিলে ইয়াৰপৰা অহা ফোন কল ৰেকৰ্ডিং কৰি তথ্য লাভ কৰিব পাৰিব আৰক্ষীয়ে ৷

উল্লেখ্য যে, ছ’ছিয়েল মেডিয়া ফেচবুকৰ জৰিয়তে চিনাকি হোৱা এগৰাকী বান্ধৱীয়ে নৱজিতক এই আৱিষ্কাৰৰ বাবে প্ৰেৰণা দিছিল বুলি প্ৰকাশ কৰিছে ৷ যুৱ বিজ্ঞানী নৱজিত ধেমাজিৰ বৰদলনিৰ এখন অখ্যাত গাঁৱৰ বাসিন্দা ৷ লগতে নৱজিত কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ ছাত্ৰ ৷

লগতে চাওকঃবাৰেৰহণীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কোকৰাঝাৰবাসী

ABOUT THE AUTHOR

...view details