জোনাই,15 জুন:ধেমাজি জিলাৰজোনাইৰ ছগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ইতিমধ্যে হোম কোৱাৰেণ্টাইনত থকা এটি শিশুসহ একেটা পৰিয়ালৰ ব্যক্তি কেইগৰাকীৰ দেহত ধৰা পৰা ভাইৰাছৰবিধৰ খবৰে স্বাভাৱিকতে আতংক সৃষ্টি কৰিছে জোনাইত ৷ উল্লেখ্য যে, বিগত 13 জুনত কৰ’ণাৰ উপস্থিতি ধৰা পৰা এগৰাকী মহিলাৰ সৈতে কেৰালাৰ পৰা আহিছিল আক্ৰান্ত দুটিকৈ শিশু ৷ পৰৱৰ্তী 8 জুনত ধেমাজিত ব্যক্তিকেইগৰাকীৰ স্বাৱ সংগ্ৰহ কৰাৰ পিছত জোনাইস্থিত বাসগৃহলৈ পঠিওৱা হৈছিল হোম কোৱাৰেণ্টাইনৰ বাবে ৷ স্বাস্থ্য বিভাগে ইতিমধ্যে Covid-19 ত আক্ৰান্ত মহিলাগৰাকীৰ সৈতে সংস্পৰ্শলৈ অহা 8 জন ব্যক্তিৰ স্বাৱ সংগ্ৰহ কৰি ৰাখিছিল হোম কোৱাৰেণ্টাইনত ৷ ইতিমধ্যে হোম কোৱাৰেণ্টাইনত থকা লোক কেইগৰাকী ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ ঘটনাই আতংকিত কৰি তুলিছে জোনাইবাসীক ।
জোনাইত প্ৰথমটো কণ্টেইনমেণ্ট জ’ন ঘোষণা
জোনাইত ছগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল মহামাৰী কৰ’ণা ভাইৰাছ ৷ হোম কোৱাৰেণ্টাইন হৈ থকা শিশু সহিতে একে পৰিয়ালৰ ছগৰাকী ব্যক্তিৰ দেহত ধৰা পৰে এই ভাইৰাছ ৷ ২নং মুৰ্কংচেলেক অঞ্চলৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ শৰণাৰ্থী শিবিৰক জোনাইৰ প্ৰথমটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে প্ৰশাসনে ৷
Covid 19 Jonai
আনহাতে, ২নং মুৰ্কংচেলেক অঞ্চলৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ শৰণাৰ্থী শিবিৰক জোনাইৰ প্ৰথমটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে প্ৰশাসনে ৷ উল্লেখ্য যে, জোনাইত বৰ্তমানলৈকে কৰ’ণা ৰোগীৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সোমবাৰে আক্ৰান্তসকলক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে চাওকঃঅসমত কোভিড-19 ৰ শেহতীয়া পৰিস্থিতি