শিৱসাগৰ,5 ফেব্ৰুৱাৰী: শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত বুধবাৰে খিলঞ্জীয়াৰ শাণিত গৰ্জন অনুষ্ঠান ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠন আৰু শিল্পী সমাজৰ এই নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত শাণিত গৰ্জনত জনতাৰ হিলদ'ল ভাঙি অংশগ্ৰহণ ৷ সমস্বৰে চিঞৰিলে — কা আমি নামানো ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ওলাই আহিল দহ সহস্ৰাধিক জনসাধাৰণ ৷ শাণিত গৰ্জনত অংশগ্ৰহণ কৰে আছুৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, শিল্পী বিপিন চাউদাং আৰু মানস ৰবীনকে ধৰি একাধিক নেতা আৰু শিল্পীয়ে ।
শাণিত গৰ্জনত অংশ লৈ আছুৰ সভাপতি দীপাংক নাথে বিজেপিৰ চৰকাৰ মিছলীয়াৰ চৰকাৰ বুলি মন্তব্য কৰাৰ লগতে বিজেপিয়ে অসমীয়াক বিশ্বাসঘাটকতা কৰিলে, ওলোটা খৰ মাৰিলে বুলি কয় ৷ নাগৰিকত্ব সংশোধনী আইনখনত অনেক সুৰুঙা আছে বুলি কৈ বিদেশীয়ে এই সুৰুঙাৰে সহজেই নাগৰিকত্ব লাভ কৰিব বুলি ক্ষোভ প্ৰকাশ কৰি দীপাংক নাথে 'কা'ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ৷ ইফালে অগপ দলকো ক্ষুৰধাৰ সমালোচনা কৰি অসম গণ পৰিষদ এতিয়া দিল্লীৰ পদলেহনকাৰী দল বুলি মন্তব্য দিয়ে আছুৰ সভাপতিগৰাকীয়ে । ইফালে যোৱা বিধানসভা নিৰ্বাচনত অগপ তথা বিজেপিক প্ৰশ্ৰয় নিদিয়া বাবে শিৱসাগৰবাসীক ধন্যবাদ জনাই দীপাংক নাথে ৷
ইফালে অনুষ্ঠানত বিপ্লৱী গীত গায় 'কা'ৰ বিৰোধিতা কৰে শিল্পী বিপিন চাউদাং আৰু মানস ৰবীনে ৷
আনহাতে শাণিত গৰ্জনত স্বভাৱসুলভ উদাত্ত কন্ঠৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমনাত্মক স্থিতি গ্ৰহণ কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ এতিয়া বদনক চিনাক্ত কৰাৰ সময় বুলি কৈ লুৰিণে এইখন চৰকাৰ মিথ্যাচাৰীৰ চৰকাৰ বুলি মন্তব্য কৰে ৷ ৫৬ ইঞ্চিৰ বুকুৰ বুলি কোৱা নৰেন্দ্ৰ মোদীয়ে কেৱল ধৰ্মীয় মেৰুকৰণ কৰি, হিন্দু-মুছলমানৰ খাদ্যক লৈ যাতে ৰাইজ ব্যস্ত থাকি উন্নয়নৰ সম্পৰ্কত প্ৰশ্ন কৰিব নোৱাৰে তাক লৈ এই লেতেৰা ৰাজনীতি কৰিছে বুলিও মোদীক আক্ৰমণ কৰে সম্পাদকগৰাকীয়ে ৷