ধেমাজি, 25 নৱেম্বৰঃ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৮০ লাখ টকাৰ মানিহানি গোচৰ তৰিলে শিৱসেনাৰ ধেমাজি জিলা প্ৰতিষ্ঠাপক সভাপতি গংগাধৰ দত্তই ৷ ভুৱা গোচৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা গংগাধৰ দত্তই অভিযোগ কৰে যে, এক ভুৱা অভিযোগত সাঙুৰি তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰি জনমানসত তেওঁৰ ভাৱমূৰ্তি হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে ৷ কেইগৰাকীমান আৰক্ষীৰ বিষয়াৰ পৃষ্ঠপোষকতাত ৰাজনৈতিক, সামাজিকভাৱে স্থিতি নষ্ট হোৱাৰ লগতে মানসিক নিৰ্যাতনৰ বলি হোৱা বুলিও মন্তব্য কৰে দত্তই ৷
শিৱসেনাৰ প্ৰতিষ্ঠাপক সভাপতিৰ মানহানি গোচৰ মিছা অপবাদ তথা অভিযোগত এজন ব্যক্তিক মানসিক নিৰ্যাতন চলোৱা তথা ভাৱমূৰ্তি বিনষ্ট কৰা কাৰ্যত জড়িত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৮০ লাখ টকাৰ মানহানি গোচৰ তৰে ৷ ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতত ২১ নৱেম্বৰত প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে গোচৰটো তৰে ৷
গোচৰত উল্লেখ কৰা মতে, সেই আৰক্ষী বিষয়াসকল হৈছে তদানীন্তন চিমেন চাপৰি আৰক্ষী চকীৰ আৰক্ষী অধীক্ষক মনোৰঞ্জন শইকীয়া, তদানীন্তন ধেমাজি সদৰ আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক তপন তালুকদাৰ, তদানীন্তন ধেমাজি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰক্ষী মহানিৰ্দেশক আৰু অসম চৰকাৰৰ সংশ্লিষ্ট ৰাজনৈতিক বিভাগ ৷ মহামান্য আদালতে তেওঁক ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ কাতৰ অনুৰোধ জনাইছে গংগাধৰ দত্তই ৷
উল্লেখ্য যে, ২০১৬ বৰ্ষতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা লোণ বিষয়ৰ লগত জড়িত হৈ ধেমাজি জিলাৰ চিমেন চাপৰি অঞ্চলৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত দত্তই কাৰাবাস খাটিবলগীয়া হৈছিল ৷
আৰু পঢ়ক : বিটিএডি আৰ্মী ফুটবল লীগ 2019-20 ৰ সামৰণি