জোনাই, ৫ মে': ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ এক অংশ হিচাপে চৰকাৰে শেহতীয়াকৈ এক নতুন নিৰ্দেশনাৱলী জাৰি কৰিছে । এই নতুন নিৰ্দেশ বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে অসমৰ প্ৰতিখন জিলাতে । নিৰ্দেশনাৰ জৰিয়তে চৰকাৰে দিনৰ ২ বজাৰ লগে লগে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ কৈছিল । বুধবাৰে ৰাজ্যৰ সকলো জিলাতে এই নিৰ্দেশনা পালন কৰা পৰিলক্ষিত হৈছে ।
ব্যতিক্ৰম নহয় ধেমাজি জিলাও । ধেমাজিৰ জোনাইতো দিনৰ ২ বজাতে বন্ধ হৈ পৰে দোকান-পোহাৰ । চৰকাৰৰ নিৰ্ধাৰিত সময় অনুসৰি চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়সমূহো বন্ধ কৰা হয় । কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ এনেদৰে ৰাইজে চৰকাৰী নিৰ্দেশ পালন কৰাৰ বাবে ৰাইজৰ সজাগতাক শলাগ লৈছে জোনাই প্ৰশাসনে ।