অসম

assam

ETV Bharat / state

15 নৱেম্বৰত মুকলি বহু চৰ্চিত চিচিৰ দলং - sisir bridge today's news

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু ৰয়িঙৰ মাজত চিচিৰ নৈ ওপৰত নিৰ্মিত তথা বহু চৰ্চিত দলঙখনে ৰাজ্যখনৰ বহু বছৰীয়া যাতায়তৰ অভাৱ পূৰণ কৰিব ৷

15 নৱেম্বৰত মুকলি বহু চৰ্চিত চিচিৰ দলঙ

By

Published : Nov 14, 2019, 1:01 PM IST

জোনাই, 14 নৱেম্বৰঃ 15 নৱেম্বৰত অৰুণাচল প্ৰদেশত উপস্থিত হ'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ অৰুণাচল প্ৰদেশৰ চিচিৰি নৈ ওপৰত নিৰ্মাণ কৰা দলং উদ্বোধন কাৰ্যসূচীত অংশ ল'বলৈ অৰুণাচলত উপস্থিত হ'ব মন্ত্ৰীগৰাকী ৷ ৰাজনাথ সিঙৰ লগত দলং উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী, বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ তাপিৰ গাৱৰ উপৰিও বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

15 নৱেম্বৰত মুকলি বহু চৰ্চিত চিচিৰ দলঙ
উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু ৰয়িঙৰ মাজত চিচিৰ নৈ ওপৰত নিৰ্মিত তথা বহু চৰ্চিত দলঙখনে ৰাজ্যখনৰ বহু বছৰীয়া যাতায়তৰ অভাৱ পূৰণ কৰিব ৷ সুদীৰ্ঘ ১২ বছৰ কাল ধৰি নিৰ্মাণ কৰা ২০০ মিটাৰ দৈঘ্যৰ দলঙখন নিৰ্মাণ কৰিছে সীমান্ত পথ নিৰ্মাণ সংস্থাৰ ব্ৰাহ্মাংক ডিভিজনে ৷ আনহাতে, চিচিৰ নৈৰ ওপৰত দলং নিৰ্মাণ নোহোৱা বাবেই ৰাজ্যখনৰ দাম্বুক, তেজু, নামচাই, ৰয়িং আদি ঠাইলৈ অসমৰ মাজেৰে যাতায়ত কৰিবলৈ প্ৰায় ৮ ৰ পৰা ১০ ঘন্টা পৰ্যন্ত সময়ৰ প্ৰয়োজন হৈছিল ৷ কিন্তু ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উল্লেখিত নৈৰ ওপৰৰ দলংখন মুকলি কৰাৰ ফলত ৮/১০ ঘন্টাৰ পৰিৱৰ্তে সম্পূৰ্ণ অৰুণাচলৰ মাজেৰেৰে পাচিঘাট হৈ সেই অঞ্চলসমূহলৈ যাবলৈ মাত্ৰ ২/৩ ঘণ্টা সময় লাগিব ৷
15 নৱেম্বৰত মুকলি বহু চৰ্চিত চিচিৰ দলঙ

ABOUT THE AUTHOR

...view details