অসম

assam

ETV Bharat / state

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত জাতিস্কাৰ ভিন্নৰঙী কপৌ ফুল

ধেমাজি জিলা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত জাতিষ্কাৰ হৈ পৰিছে বিবিধ প্ৰজাতিৰ নানা ৰঙীন কপৌ ফুল ৷

By

Published : Apr 4, 2021, 10:57 PM IST

ধেমাজি জিলা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত জাতিষ্কাৰ বিভিন্ন কপৌ ফুল
ধেমাজি জিলা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত জাতিষ্কাৰ বিভিন্ন কপৌ ফুল

ধেমাজি, 4 এপ্ৰিল: অসমীয়া বাপুতিসাহোন ৰঙৰ উৎসৱ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাতে প্ৰাক বহাগৰ বাতৰি কঢ়িয়াই আনিছে অসমীয়া জাতীয় ফুল কপৌ ফুলে ৷ হাবিয়ে জংঘলে গছৰ বিৰিখত ফুলা বিপৰীতে এইবাৰ ধেমাজি জিলা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ শিক্ষানুষ্ঠানৰ চৌহদত জাতিস্কাৰ হৈ পৰিছে বিবিধ প্ৰজাতিৰ নানা ৰঙীন কপৌ ফুল ৷

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত জাতিষ্কাৰ বিভিন্ন ৰঙিন কপৌ ফুল

মহাবিদ্যালয়খনৰ চৌহদৰ প্ৰতিজোপা গছৰ উপৰিও অৰ্কিড গৃহত সংস্থাপন কৰা বিভিন্ন কপৌ জাতীয় গোটৰ ফুল ফুলিছে ৷ এইক্ষেত্ৰত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰঞ্জিত শইকীয়াই অতি উৎসাহেৰে অৱগত কৰে যে, ২০১৭ চনৰ পৰা মহাবিদ্যালয়খনৰ পৰিয়ালে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিলুপ্ত হ’বলৈ ধৰা কপৌ জাতীয় ফুল সমূহ সংৰক্ষণ ব্যৱস্থা কৰি আহিছে ৷

ধেমাজি জিলা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত জাতিষ্কাৰ বিভিন্ন কপৌ ফুল

এতিয়ালৈকে ১৪১ বিধ থলুৱা প্ৰজাতি আৰু ২৫ বিধ বৰ্ণশংকৰ প্ৰজাতিৰ ফুল মহাবিদ্যালয়খনত সংৰক্ষণ কৰিছে ৷ অধ্যক্ষ গৰাকীয়ে জনোৱা মতে, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যপুথিৰে সামৰি নোলোৱা কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সামৰি লৈ প্ৰকৃতি সুৰক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দায়ৱদ্ধতা কৰা মানসেৰে অৰ্কিড সমূহ সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি ব্যক্ত কৰে অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়কঃ দিছপুৰত হিমন্ত আউট হ'ব,হাগ্ৰামা ইন হ'ব:হাগ্ৰামা মহিলাৰী

ABOUT THE AUTHOR

...view details