ধেমাজি, 11 জুলাই :ধেমাজিত ক্ৰমে কালৰূপ ধাৰণ কৰিছে জিলাখনৰ আটাইকেইখন নদীয়ে ৷ ধেমাজিত জীয়াঢল, গাই নদী, ৰাই নদীয়ে বিস্তৰ ক্ষতিসাধন কৰাৰ সমান্তৰালভাৱে জোনাই বিধান সভা সমষ্টিত তাণ্ডৱ চলাইছে চিমেন নদী, ডিমৌ আৰু টঙানী নদীয়ে ৷ ইতিমধ্যে চিমেন নদীত জাহ গৈছে দহটা পৰিয়ালৰ ঘৰ-বাৰী আৰু কৃষি ভূমি ৷ একেদৰে ডিমৌ নদীখনো ফেনেফুটুকাৰে বাঢ়ি অহাৰ ফলত চিলাসুতি পঞ্চায়তৰ আৰ্চি লাচন গাঁও, ভগৱান, 1 নং মহাৰাণীকুৰ, 2 নং মহাৰাণীপুৰকে ধৰি প্ৰায় 10 খন গাওঁ পানীৰ তলত ডুব গৈছে ৷ শশ হেক্টৰ কৃষিভূমি বাঢ়নী পানীয়ে নষ্ট কৰিছে ৷ অনুৰূপভাৱে টঙানী নদীয়ে মুক্তিয়াৰ পঞ্চায়ত আৰু কুলাজান পঞ্চায়তৰ নামনি অংশৰ শিতলমাৰী, কেবাৰাংগ, পিতয়াঙকে আদি কৰি বহুকেইখন গাঁৱত বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে ৷
চিমেন, ডিমৌ আৰু টঙানী নৈৰ তাণ্ডৱ, উটি গ'ল বাসগৃহ - Dhemaji Flood
ধেমাজি জিলাত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে চিমেন, ডিমৌ আৰু টঙানী নৈৰ বাঢ়নী পানীয়ে ৷ জিলাখনত বানপানীৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে 321খন গাঁও ৷ ইতিমধ্যে বানৰ ফলত জিলাখনৰ 6টা গড়কাপ্তানি পথ ধ্বংস হৈছে ৷
![চিমেন, ডিমৌ আৰু টঙানী নৈৰ তাণ্ডৱ, উটি গ'ল বাসগৃহ চিমেন, ডিমৌ আৰু টঙানী নৈৰ তাণ্ডৱ, উটি গ'ল বাসগৃহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7982564-thumbnail-3x2-0.jpg)
চিমেন, ডিমৌ আৰু টঙানী নৈৰ তাণ্ডৱ, উটি গ'ল বাসগৃহ
চিমেন, ডিমৌ আৰু টঙানী নৈৰ তাণ্ডৱ, উটি গ'ল বাসগৃহ
অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি, বানপানীৰ ফলত ধেমাজি, জোনাই আৰু চিচিবৰগাঁও ৰাজহ চক্ৰৰ 321 খন গাঁও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ বানপানীৰ ফলত জিলাখনৰ 1,27,556গৰাকী লোক তথা 29,083 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে ৷ ইতিমধ্যে জিলাখনত 4টা সাহাৰ্য শিৱিৰ স্থাপন কৰা হৈছে ৷