ধেমাজি,23 ছেপ্তেম্বৰঃ ৰেল লাইন সংযোগী পকী পথ বন্ধ কৰিব গৈ গণ ৰোষত পৰিল ৰেল বিভাগৰ বিষয়া আৰু আৰক্ষীৰ এটা দল । ডিমৌৰ চিলিৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল প্ৰদেশৰ ঘঘৰা, অসমীয়া চিলি, চিলি আদি গাঁও সংযোগী একমাত্ৰ পকী পথছোৱা বন্ধ কৰাৰ উদ্দেশ্যে ৰেল বিভাগৰ বিষয়া , সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ দল উপস্থিত হৈছিলগৈ।
চিলাপথাৰত ৰেল কৰ্মচাৰী সৈতে স্থানীয় ৰাইজৰ বাক-বিতণ্ডা - গাঁত খান্দি বন্ধ কৰিবলৈ
ৰেল বিভাগৰ সৈতে স্থানীয় ৰাইজৰ বাক-বিতণ্ডা ৷ 6 খনকৈ গাঁও সংযোগী পথছোৱা বন্ধ হোৱাৰ ফলত অৰুণাচলৰ পৰা আৰম্ভ কৰি এই অঞ্চলৰ ৰাইজৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে ৷
![চিলাপথাৰত ৰেল কৰ্মচাৰী সৈতে স্থানীয় ৰাইজৰ বাক-বিতণ্ডা silapather public and ralwaiy department confilct](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8908760-282-8908760-1600866354864.jpg)
চিলাপথাৰত ৰেল বিভাগৰ বিষয়া-কৰ্মচাৰী সৈতে স্থানীয় ৰাইজৰ বাক-বিতণ্ডা
চিলাপথাৰত ৰেল বিভাগৰ বিষয়া-কৰ্মচাৰী সৈতে স্থানীয় ৰাইজৰ বাক-বিতণ্ডা
ইপিনে ৰেলপথৰ মাজেদি যোৱা পথছোৱা গাঁত খান্দি বন্ধ কৰিবলৈ যুদ্ধ সদৃশ পৰিবেশৰ মাজেৰে মাজনিশাৰ লৈকে ৰেল বিভাগে চেষ্টা চলাই ব্যৰ্থ হয় । উল্লেখযোগ্য যে, 6 খন গাঁও সংযোগী পথছোৱা বন্ধ হোৱাৰ ফলত অৰুণাচলৰ পৰা আৰম্ভ কৰি এই অঞ্চলৰ ৰাইজৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে ৷ ক্ষুদ্ধ ৰাইজে কেনেকৈ অহাযোৱা কৰিব বুলি প্ৰশ্ন কৰে ৰেল বিভাগৰ বিষয়া কৰ্মচাৰীক। সম্প্ৰতি ৰেল বিভাগৰ ভূল সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷
লগতে পঢ়কঃশিলচৰত বিমান বন্দৰ সংযোগী পথ অৱৰোধ